ইণ্টাৰনেশ্যনেল ডেস্ক, ১৮ ডিচেম্বৰ: সমগ্ৰ বিশ্বত ৭,৫২,৯৯,৬২৯ গৰাকীৰো অধিক লোক মহামাৰীৰ কবলত পৰিছে । কৰ'ণাত আক্ৰান্ত হৈ ১৬,৬৮,৬৯১ জনৰো অধিক লোকৰ মৃত্যু হৈছে । আনহাতে, ৫২,৮৬৯,৫৬৭ৰো অধিক লোক আৰোগ্য হৈছে । ১,৭৬,২৭,০৭০ জনৰো অধিক লোক আক্ৰান্ত আৰু ৩,১৭,৯২৯ জনৰো অধিক লোকৰ মৃত্যুৰে বিশ্বৰ অধিক সংক্ৰমিত দেশৰ তালিকাৰ শীৰ্ষত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ ।
বৰ্তমান আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ টীকাকৰণ কৰি থকা হৈছে । ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ নিৰ্দেশ অনুসৰি টীকাকৰণ কৰোৱা হৈছে । মাইক ৰোজাৰ্ছে বৃহস্পতিবাৰে প্ৰকাশ কৰে যে, তেওঁ COVID-১৯ত আক্ৰান্ত হৈছে আৰু কিছু পৰিমাণে মহামাৰীৰ লক্ষণো তেওঁৰ দেহত দেখা দিছে । অলবামাৰ কংগ্ৰেছ প্ৰতিনিধি মণ্ডলৰ দ্বিতীয় ৰিপাব্লিকান সদস্য হোৱাৰ পূৰ্বে তেওঁ মহমাৰীত আক্ৰান্ত হোৱাৰ কথা সদৰি কৰে ।