অসম

assam

ETV Bharat / international

COVID-19: বিশ্বৰ ভিন্ন দেশৰ সামগ্ৰিক তথ্য

সমগ্ৰ বিশ্বজুৰি কৰ'ণা মহামাৰীৰ কবলত পৰিছে ৪,৫৩,২১,৬৫৯ গৰাকীৰো অধিক লোক। প্ৰাণঘাতী মহামাৰীৰ গ্ৰাসত পৰি মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে ১১,৮৬,২৪৩ জন ৰোগীয়ে। ৯ মিলিয়ন কৰ'ণা আক্ৰান্তৰ সংখ্যাৰে সৰ্বাধিক সংক্ৰমণ হোৱা দেশৰ তালিকাৰ শীৰ্ষস্থানত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ। এই তালিকাৰ দ্বিতীয় স্থানত আছে ভাৰত আৰু ক্ৰমান্বয়ে তৃতীয়, চতুৰ্থ আৰু পঞ্চম স্থানত আছে ব্ৰাজিল, ৰাছিয়া আৰু ফ্ৰান্স।

COVID-19: বিশ্বৰ ভিন্ন দেশৰ সামগ্ৰিক তথ্য
COVID-19: বিশ্বৰ ভিন্ন দেশৰ সামগ্ৰিক তথ্য

By

Published : Oct 30, 2020, 4:32 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ৩০ অক্টোবৰ: COVID-19 মহামাৰীয়ে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে। বৰ্তমানলৈকে বিশ্বজুৰি ৪,৫৩,২১,৬৫৯ জনৰো অধিক লোক কৰ'ণাত আক্ৰান্ত হৈছে। মহামাৰীৰে যুঁজি মৃত্যুৰে হাৰ মানিছে বিশ্বৰ ১১,৮৬,২৪৩ জন ৰোগীয়ে। ৩,২৯,৯৩,১৯৬ গৰাকী লোকে বৰ্তমানলৈকে আৰোগ্য লাভ কৰিছে।

COVID-19: বিশ্বৰ ভিন্ন দেশৰ সামগ্ৰিক তথ্য

প্ৰাপ্ত তথ্য মতে, আমেৰিকাত ৯২,১২,৭৬৭ জনৰো অধিক লোক আক্ৰান্ত হৈছে। ২,৩৪,১৭৭গৰাকীৰো অধিক ৰোগী মৃত্যুমুখত পৰিছে। এই পৰিসংখ্যাৰে আটাইতকৈ বেছি মহামাৰী সংক্ৰমণ হোৱা দেশৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে আমেৰিকাই। ইয়াৰ পিছতে ক্ৰমান্বয়ে ভাৰত, ব্ৰাজিল, ৰাছিয়া আৰু ফ্ৰান্সৰ নাম অধিক সংক্ৰমণ হোৱাৰ দেশৰ তালিকাত অন্তৰ্ভুক্ত হৈছে। ইউৰোপৰ বহুকেইখন দেশত ইতিমধ্যে দ্বিতীয় পৰ্যায়ৰ সংক্ৰমণ আৰম্ভ হৈছে।

ফলত স্থানীয় লকডাউন ঘোষণা কৰাৰ লগতে বিভিন্ন নিৰ্দেশনা জাৰি কৰা হৈছে। এই মহামাৰীয়ে বিশ্বৰ অৰ্থব্যৱস্থা এক প্ৰকাৰ কোঙা কৰি পেলাইছে। বিশ্বৰ নেতাসকলৰ জীৱন শৈলী, কাম কৰাৰ পদ্ধতি সলনি কৰিবলৈ এই মহামাৰীয়ে বাধ্য কৰাইছে।

লগতে পঢ়ক:অষ্ট্ৰেলিয়াৰ জলবায়ু প্ৰভাৱৰ ওপৰত Disaster Arrangementsৰ 578 পৃষ্ঠাযোৰা প্ৰতিবেদন প্ৰকাশ

ABOUT THE AUTHOR

...view details