ইণ্টাৰনেশ্যনেল ডেস্ক, ২৯ছেপ্টেম্বৰ: COVID-19য়ে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে।বিশ্বজুৰিকৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৩,৩৫,৪৯,৮৭৩লৈ বৃদ্ধি পোৱাৰ বিপৰীতে মৃত্যুক আকোঁৱালি ল'বলগীয়া হৈছে ১০,০৬,৩৭৯ জনে । আনহাতে, ২,৪৮,৭৮,১২৪গৰাকী লোক আৰোগ্য হৈছে । সমগ্ৰ বিশ্বৰ ভিতৰতে মহামাৰীয়ে আটাইতকৈ বেছি প্ৰভাৱিত কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰক । আমেৰিকাত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৭৩,৬১,৬১১ আৰু কৰ'ণাৰ সৈতে যুঁজি মৃত্যুৰে হাৰ মানিছে ২,০৯,৮০৮জনে ।
COVID-19: বিশ্বৰ ভিন্ন প্ৰান্তৰ শেহতীয়া তথ্য
বিশ্বত কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৩,৩৫,৪৯,৮৭৩লৈ বৃদ্ধি। সমগ্ৰ বিশ্বতে কালৰূপী কৰ'ণাৰ গ্ৰাসত পৰি প্ৰাণ হেৰুৱাইছে ১০,০৬,৩৭৯ জনে।
COVID-19: বিশ্বৰ ভিন্ন প্ৰান্তৰ শেহতীয়া তথ্য
সামাজিক সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পিছত দক্ষিণ কোৰিয়া ছিউল অঞ্চলত ১৭গৰাকী লোক নতুনকৈ কৰ'ণা আক্ৰান্ত হোৱাৰ কথা প্ৰকাশ কৰিছে ৰোগ বিৰোধী সংস্থাই । কৰ'ণা মহামাৰীৰ সংক্ৰমণে ভয়াৱহ ৰূপ লোৱা দেশৰ তালিকাত দ্বিতীয় স্থানত আছে ভাৰত । এতিয়ালৈকে ৬১,৪৩,০১৯জনৰো অধিক লোক মহামাৰীৰ কবলত পৰিছে । আনহাতে, কৰ'ণাত আক্ৰান্ত হৈ ৯৬,৩৫১জনৰ মৃত্যু হৈছে । স্বাস্থ্য বিভাগৰ তৰফৰ পৰা অধিক সতৰ্ক হ'বলৈ আহ্বান জনোৱা হৈছে ।
লগতে পঢ়ক :আজিৰে পৰা পুনৰ মাজুলীলৈ আৰম্ভ হ’ব ফেৰী সেৱা