ইণ্টাৰনেশ্যনেল ডেস্ক,১৭ এপ্ৰিল:ইণ্ডিয়ানাপলিছৰ ফেডেক্স কোম্পানীত চাঞ্চল্যকৰ ঘটনা । শিখ ক'লিয়েচনৰ মতে এগৰাকী ১৯ বছৰীয়া প্ৰাক্তন কৰ্মচাৰীয়ে গুলীচালনা কৰাৰ ফলত চাৰিগৰাকী শিখ নিহত হয় । কৰ্তৃপক্ষৰ মতে পাৰ্চেল আৰু কুৰিয়াৰ সেৱা কোম্পানীটোৰ বেছি সংখ্যক কৰ্মচাৰীয়ে শিখ ধৰ্মৰ । হত্যাকাৰীজনে বৃহস্পতিবাৰে নিশা আঠজনক হত্যা কৰাৰ পিছত আত্মহত্যা কৰে । ইফালে সাতজন আহত হয় আৰু পাঁচজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।
শুকুৰবাৰে সন্ধিয়ালৈ ঘটনাত নিহত সকলক চিনাক্ত কৰিব পৰা হোৱা নাছিল যদিও শিখ ক'লিয়েচনৰ মতে তাৰ ৪ জন ইণ্ডিয়ানাপলিছ শিখ সম্প্ৰদায়ৰ সদস্য । সংগঠনটোৰ দাবী এই ঘটনাৰ অতিশীঘ্ৰে তদন্ত হ'ব লাগে আৰু দোষীয়ে শাস্তি পাব লাগে । এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৰাষ্ট্ৰপতি জ' বাইডেনে । ৰাষ্ট্ৰপতিগৰাকীয়ে সকলো চৰকাৰী প্ৰতিষ্ঠানৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসত ৰাষ্ট্ৰীয় পতাকা খন অৰ্ধনমিত কৰাৰ নিৰ্দেশ দিছে ।
আৰক্ষীৰ উপ-প্ৰধান ক্ৰেগ মেককাৰ্টে সাংবাদিকক জনোৱা মতে হত্যাকাৰীজনক ব্ৰায়ান হোল বুলি চিনাক্ত কৰা হৈছে । বিষয়া গৰাকীৰ মতে ব্ৰায়ানে কোম্পানীটোৰ পাৰ্কিং স্থানত গুলীচালনা কৰিছিল আৰু তাৰ পিছত কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰিছিল । কিন্তু আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বে ব্ৰায়ানে আত্মহত্যা কৰিছিল । আৰক্ষীৰ মতে কোনো কাজিয়া বা সংঘৰ্ষ হোৱা নাছিল আৰু ব্ৰায়ানে ধাৰাষাৰ গুলীবৰ্ষণ কৰিছিল । ইফালে যোৱা বছৰ আৰক্ষীয়ে ব্ৰায়ানৰ পৰা পিষ্টল জব্দ কৰিছিল আৰক্ষীৰ তদন্তৰ আওতালৈ আহিছিল ।