নিউজ ডেস্ক, ২৮ ডিচেম্বৰ: বৰদিনৰ দিনা নাশ্বভিলেত সংঘটিত বোমা বিস্ফোৰণৰে জড়িত থকাৰ সন্দেহ কৰি এজন লোকৰ আলোকচিত্ৰ প্ৰকাশ কৰিছে । ভয়াৱহ বিস্ফোৰণ সংঘটিত কৰাৰ বাবে এন্থনী কুইন ৱাৰ্ণাৰ দায়ী বুলি সন্দেহ কৰিছে আৰক্ষীয়ে । বৰদিনৰ দিনা পূৰ্ব পৰিকল্পিতভাৱে বিস্ফোৰণ সংঘটিত কৰা হৈছিল । ব্যস্ত ডাউনটাউন ষ্ট্ৰীটত বিস্ফোৰণৰ পূৰ্বে স্বাভাৱিক ধৰণেই কাম-কাজ চলি আছিল ।
নাশ্বভিলে বিস্ফোৰণঃ অভিযুক্তৰ ফটো ৰাজহুৱা কৰিলে FBIই - অভিযুক্তৰ ফটো ৰাজহুৱা কৰিলে FBIই
FBIই ৰাজহুৱা কৰিলে নাশ্বভিলে বিস্ফোৰণৰ অভিযুক্ত এন্থনী কুইন ৱাৰ্ণাৰৰ আলোকচিত্ৰ । বৰদিনৰ দিনা নাশ্বভিলেত সংঘটিত বোমা বিস্ফোৰণত এন্থনী কুইন ৱাৰ্ণাৰ জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ।
![নাশ্বভিলে বিস্ফোৰণঃ অভিযুক্তৰ ফটো ৰাজহুৱা কৰিলে FBIই নশভিলে বিস্ফোৰণৰ অভিযুক্ত এন্থনী কুইন ৱাৰ্ণাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10033771-1008-10033771-1609147473425.jpg)
সেই সময়তে কাষতে বোমা বিস্ফোৰণ হ'ব বুলি ঘোষণা কৰি সকলোকে সচেতন কৰি দিয়া হৈছিল । ৬৩ বছৰীয়া ৱাৰ্ণাৰে এখন বিনোদনমূলক বাহনত বোমাটো সংস্থাপন কৰিছিল আৰু নিজেও বাহনখনতে আছিল । ভয়াৱহ বিস্ফোৰণ মৃত্যু হৈছে ৱাৰ্ণাৰৰ । চৰকাৰী কৰ্তৃপক্ষই কয় যে, বিস্ফোৰণস্থলীত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰমাণ লাভ কৰিছে আৰু ডিএনএই প্ৰমাণিত কৰিছে বিস্ফোৰণৰ সময়ত ৱাৰ্ণাৰৰ উপস্থিতিৰ কথা । বিস্ফোৰণত তিনিগৰাকী লোক আহত হোৱাৰ লগতে ১২টাৰো অধিক অট্টালিকাৰ ক্ষতিসাধন হয় ।
লগতে পঢ়ক:আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি বিডেনৰ সৈতে ড৹ এন্থনি ফাউচিৰ বৈঠক