ইণ্টাৰনেশ্যনেল ডেস্ক,13 জানুৱাৰী : যোৱা 6 জানুৱাৰীত মাৰ্কিন কেপিট’লত হোৱা হিংসাত্মক ঘটনাৰ পাচত 170 টাৰো অধিক গোচৰ সংগ্ৰহ কৰাৰ লগতে 70 জনৰো অধিক লোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে ফেডাৰেল ব্যুৰ’ অৱ ইনভেষ্টিগেশ্যন চমুকৈ এফবিআইয়ে ৷ মঙলবাৰে এফবিআইৰ বিষয়াসকলে এই কথা জানিবলৈ দিয়ে ৷
মাৰ্কিন কেপিট’ল হিংসা : 70 গৰাকীৰ বিৰুদ্ধে অভিযোগ এফবিআইৰ - হিংসাত্মক ঘটনা
মঙলবাৰে এফবিআইৰ বিষয়াসকলে জনোৱা মতে, 6 জানুৱাৰীত মাৰ্কিন কেপিট’লত হোৱা হিংসাত্মক ঘটনাৰ পাচত তেওঁলোকে 170 টাৰো অধিক গোচৰ সংগ্ৰহ কৰে আৰু 70 জনৰো অধিক লোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে ৷

কেপিট’ল হিংসাৰ পাচত 170 টাৰো অধিক গোচৰ সংগ্ৰহ এফবিআইৰ
ডিচিৰ এক্টিং এট’ৰ্ণী মাইকেল শ্বেৰউইনে জনোৱা মতে, এই ঘটনাটো ঘটি যোৱাৰ পাচত এফবিআইয়ে ইয়াৰ তদন্ত কৰি ইতিমধ্যে 170 টাৰো অধিক তথ্য সংগ্ৰহ কৰিছে, যাৰ দ্বাৰা কেপিট’ল হিলত সংঘটিত ঘটনাৰ সৈতে জড়িত অপৰাধীসকলক চিনাক্ত কৰা হৈছে ৷ লগতে তেওঁ কয় যে, এজেণ্টসকলে 100 হাজাৰৰো অধিক ডিজিটেল মাধ্যমৰ প্ৰক্ৰিয়াকৰণ কৰি আছে ৷ উল্লেখ্য যে, বিগত 6 জানুৱাৰীত ড’নাল্ড ট্ৰাম্পৰ সমৰ্থকৰ এটা দলে মাৰ্কিন কেপিট’ল হিল ঘেৰাও কৰে আৰু ভৱনৰ ক্ষতিসাধন কৰে ৷
লগতে পঢ়ক :পাটনাৰ ইণ্ডিগ’ বিমানবন্দৰৰ মেনেজাৰক গুলিয়াই হত্যা