অসম

assam

ETV Bharat / international

চীনৰ গুপ্তচৰৰ সন্দেহত আটক প্ৰাক্তন চিআইএ বিষয়া - Ex-CIA officer charged with spying for China: Justice Dept

1989 অৱসৰ গ্ৰহণৰ 12 বছৰৰ পিছত আলকজেণ্ডাৰ য়ুক ছিং মাই চীনৰ সুৰক্ষা মন্ত্ৰণালয়ৰ পাঁচগৰাকীকৈ বিষয়াক সাক্ষাৎ কৰিছিল ৷ এই সময়তেই তেখেতে দেশৰ সুৰক্ষাৰ বহু গুৰুত্বপূৰ্ণ তথ্য চীনক প্ৰদান কৰিছিল ৷

Ex-CIA officer charged with spying for China: Justice Dept
চীনৰ গুপ্তচৰৰ সন্দেহত আটক প্ৰাক্তন চিআইএ বিষয়া

By

Published : Aug 18, 2020, 10:25 AM IST

ইন্টাৰনেশ্যনেল ডেক্স, 18 আগষ্টঃ কেন্দ্ৰীয় গুপ্তচৰ সংস্থাৰ চমুকৈ চি আই এৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়াই চীনৰ চৰকাৰৰ বাবে গুপ্তচৰৰ কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে মাৰ্কিন প্ৰসিকিউটৰছে ৷ সোমবাৰে সংস্থাটোৱে এক প্ৰেছ বিজ্ঞপ্তিযোগে কয় যে, " কেন্দ্ৰীয় গুপ্তচৰ সংস্থাৰ প্ৰাক্তন বিষয়া আলকজেণ্ডাৰ য়ুক ছিং মাক বিগত 14 আগষ্টত গ্ৰেপ্তাৰ কৰা হয় ৷ তেখেতে নিজৰ আত্মীয়ৰ সৈতে লগ লাগি চীনৰ গুপ্তচৰৰ সৈতে সংস্থাটোৰ বিভিন্ন গুৰুত্বপূৰ্ণ তথ্য সৰবৰাহ কৰিছিল ৷"

1989 অৱসৰ গ্ৰহণৰ 12 বছৰৰ পিছত আলকজেণ্ডাৰ য়ুক ছিং মাই চীনৰ সুৰক্ষা মন্ত্ৰণালয়ৰ পাঁচগৰাকীকৈ বিষয়াক সাক্ষাৎ কৰিছিল ৷ এই সময়তেই তেখেতে দেশৰ সুৰক্ষাৰ বহু গুৰুত্বপূৰ্ণ তথ্য চীনক প্ৰদান কৰিছিল ৷ বিজ্ঞপ্তিখনত এই কথাও স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে, তেখেতে এবাৰ সাক্ষাতৰ সময়ত চীনৰ সুৰক্ষা মন্ত্ৰণালয়ৰ পৰা 50 হাজাৰ মাৰ্কিন ডলাৰ গ্ৰহণ কৰা এটি ভিডিঅ’ তেঁওলোকৰ হাতত পৰিছে ৷

মাই চীনৰ বিষয়াসকলক চিআইএ বিষয়াসকলৰ পৰিচয় প্ৰদান কৰাৰ উপৰিও সংস্থাটোৰ যোগাযোগৰ মাধ্যমৰ লগতে আভ্যন্তৰীণ বহু গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰিছে ৷

2004 চনৰ ভিতৰত মাই হোনোলুলু, হাৱাইৰ এফ বি আইৰ ফীল্ড অফিচত এগৰাকী চীনা ভাষাবিদ হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছিল ৷ ইয়াৰ উপৰিও তেখেতে চীনৰ বিষয়ববীয়াসকলক গাইডেড মিছাইল সম্পৰ্কীয় শ্ৰেণীবদ্ধ নথিপত্ৰসমূহৰ ছবি সংগ্ৰহ কৰাৰ ক্ষেত্ৰত নিজৰ পৰিচয়পত্ৰ ব্যৱহাৰ কৰিছিল ৷

বিজ্ঞপ্তিখনত মাই এই অপৰাধৰ বাবে আজীৱন কাৰাদণ্ড লাভ কৰিব বুলি ঘোষণা কৰা হৈছে ৷

লগতে পঢ়ক-পণ্ডিত যশৰাজৰ মৃত্যুত আশা ভোছলেৰ গভীৰ শোক প্ৰকাশ

ABOUT THE AUTHOR

...view details