অসম

assam

By

Published : Aug 10, 2020, 7:57 PM IST

ETV Bharat / international

এন 95 মাস্ক চেনিটাইজ কৰাৰ সহজ পন্থা ইলেক্ট্ৰিক মাল্টিকুকাৰ

ইলেক্ট্ৰিক কুকাৰত 50 মিনিটলৈকে শুকান তাপত এন 95 মাস্ক ৰাখি চেনিটাইজ কৰিব পৰা যায় ৷ এই মাস্ক ব্যৱহাৰকাৰীসকলে পুনৰ ব্যৱহাৰৰ উপযোগী কৰি তুলিবলৈকে এই পদ্ধতিৰ প্ৰয়োগ কৰিব পাৰে ৷ যি মূলতঃ এবাৰহে ব্যৱহাৰ কৰিব পাৰি ৷

Electric multicooker an easy efficient way to sanitize N95 respirator masks study finds Etv bharat news
এন 95 মাস্ক চেনিটাইজ কৰাৰ সহজ পন্থা ইলেক্ট্ৰিক মাল্টিকুকাৰ

নিউয়ৰ্ক,10 আগষ্ট: ইলিনোইস বিশ্ববিদ্যালয়ৰ এক সমীক্ষাত পোৱা গৈছে যে ইলেক্ট্ৰিক কুকাৰত 50 মিনিটলৈকে শুকান তাপত এন 95 মাস্ক ৰাখি চেনিটাইজ কৰিব পৰা যায় ৷ এই মাস্ক ব্যৱহাৰকাৰীসকলে পুনৰ ব্যৱহাৰৰ উপযোগী কৰি তুলিবলৈকে এই পদ্ধতিৰ প্ৰয়োগ কৰিব পাৰে ৷ যি মূলতঃ এবাৰহে ব্যৱহাৰ কৰিব পাৰি ৷

চিভিল আৰু পাৰিৱেশিক অভিযন্তা থান হেলেন গুয়েন আৰু বিশাল বাৰ্মাৰ নেতৃত্বত কৰ্মৰত গৱেষকসকলে পৰিৱেশ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা পত্ৰত এই আৱিস্কাৰৰ বিষয়ে বিতংভাৱে উল্লেখ কৰিছে ৷ এন 95 মাস্ক শ্বাস-প্ৰশ্বাসৰ ক্ষেত্ৰত ব্যৱহাৰকাৰীৰ ব্যক্তিগত সুৰক্ষামূলক আহিলা হিচাপে পৰিণত হৈছে ৷ এখন কাপোৰৰ পৰা তৈয়াৰ কৰা মাস্ক নাইবা চাৰ্জিকেল মাস্কে ব্যৱহাৰকাৰীক সুৰক্ষা প্ৰদান কৰিব পাৰে কিন্তু ভাইৰাছ ৰোধৰ ক্ষেত্ৰত বিশেষ উপযোগী বুলিব নোৱাৰি বুলি গুয়েনে প্ৰকাশ কৰে ৷

এন 95 মাস্ক চেনিটাইজ কৰাৰ সহজ পন্থা ইলেক্ট্ৰিক মাল্টিকুকাৰ

বাৰ্মাই উল্লেখ কৰা অনুসৰি যিকোনো বস্তু নিষ্ফল কৰিবলৈ বিভিন্ন পন্থা অৱলম্বন কৰিব পাৰি ৷ কিন্তু ইয়াৰে অধিকাংশই নিস্পন্দন বা এন 95 মাস্কৰ শ্বাস-প্ৰশ্বাস লোৱা যন্ত্ৰটোক বিনষ্ট কৰিব পাৰে ৷ বিজ্ঞানী দুগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি এটা খাদ্য প্ৰস্তুত কৰিব পৰা কুকাৰে সামগ্ৰীৰ উষ্ণতা 50 মিনিটলৈকে 100 ডিগ্ৰী অথবা 212 ফাৰেনহাইটত অটুট ৰাখিব পাৰে ৷ কৰ’ণা ভাইৰাছৰ বীজাণুৱে চাৰিধৰণে মাস্কৰ ভিতৰ-বাহিৰত প্ৰৱেশ কৰিব পাৰে ৷ ই কেতিয়াবা অতি বেঙুনীয়া ৰশ্মিতকৈও ভয়ংকৰ হ’ব পাৰে ৷ বিজ্ঞানীদ্বয়ে পৰিশোধন আৰু ব্যৱহাৰৰ উপযোগিতা সম্পৰ্কেও পৰীক্ষা কৰে ৷ বিজ্ঞানীদ্বয়ে ইয়াক কিদৰে ব্যৱহাৰ কৰিব পাৰি সেই সম্পৰ্কত এক ভিডিঅ’ মুকলি কৰে ৷

লগতে চাওকঃকোভিড 19: ভাৰতত 62,064 গৰাকী লোক নতুনকৈ আক্ৰান্ত

ABOUT THE AUTHOR

...view details