অসম

assam

ETV Bharat / international

আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি বিডেনৰ সৈতে ড৹ এন্থনি ফাউচিৰ বৈঠক

খ্ৰীষ্টমাছৰ পাচতে আমেৰিকা যুক্তৰাষ্ট্ৰত আৰম্ভ হোৱা ঋতুকালীন ছুটিৰ বাবে COVID-19 মহামাৰীৰ ভয়াৱহ সংক্ৰমণৰ আশংকা প্ৰকাশ কৰিছে সংক্ৰামক ৰোগ বিশেষজ্ঞ ড৹ এন্থনি ফাউচিয়ে ৷

By

Published : Dec 28, 2020, 9:23 AM IST

Updated : Dec 28, 2020, 9:33 AM IST

Dr Anthony Fauci shares Biden's concern that COVID-19 may get worse
আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি বিডেনৰ সৈতে ড৹ এন্থনি ফাউচিৰ বৈঠক

ৱাশ্বিংটন ডিচি, 28 ডিচেম্বৰ: সংক্ৰামক ৰোগ বিশেষজ্ঞ ড৹ এন্থনি ফাউচিয়ে দেওবাৰে কয় যে, আমেৰিকা যুক্তৰাষ্ট্ৰই আগন্তুক সপ্তাহত COVID-19 মহামাৰী সৰ্বাধিক হোৱাৰ দিশে আগবাঢ়িছে কিয়নো আমেৰিকাত এতিয়া ঋতুকালীন ছুটিৰ সময় চলিছে ৷ মই আৰু মোৰ সহকৰ্মীসকলেও জনস্বাস্থ্যৰ সজাগতাৰ বাবে চিন্তা কৰি আছো৷ ঋতুকালীন ছুটিৰ পাচত পৰিস্থিতি কি হয় তাক পৰ্যবেক্ষন কৰিব লাগিব কিয়নো খ্ৰীষ্টমাছৰ পাচতে সন্মুখত নৱবৰ্ষ আহি আছে ৷ বৰ্তমান আমি সঁচাকৈয়ে অতি ভয়ংকৰ পৰিস্থিতিত উপনীত হৈছো ৷ সেয়েহে মই নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি বিডেনৰ সৈতে কথা বতৰা কৰিছো যে পৰৱৰ্তী কেইসপ্তাহমানৰ ভিতৰত মহামাৰীয়ে বেয়া প্ৰভাৱ পেলাব পাৰে ৷ ৰাষ্ট্ৰপতি জো বিডেনে যোৱা সপ্তাহত কৈছিল যে কৰ'ণা বিৰুদ্ধে এইখিনি সময় আমাৰ বাবে আটাইতকৈ ভয়াৱহ ৷ বেয়া দিন আমাৰ আগত আছে আমাৰ পিছফালে নহয় ৷

উল্লেখ্য যে, ফাউচিয়ে মেৰিলেণ্ডৰ বেঠেচদা মডাৰ্নাত ক'ভিড ভেকছিন প্ৰথম পৰীক্ষণৰ বাবে গ্ৰহণ কৰাৰ পাচত কয় যে, COVID-19 মহামাৰী ৰ বিৰুদ্ধে ভেকছিন প্ৰদান প্ৰক্ৰিয়াক তেওঁ সন্মান সহকাৰে গ্ৰহণ কৰিছে ৷ বাকী দেশৰ বাবে এক প্ৰতীক হিচাপে এই ভেকছিনৰ সুৰক্ষা আৰু কাৰ্যকাৰীতাৰ ওপৰত অত্যাধিক আত্মবিশ্বাস কৰাৰ লগতে প্ৰতিষেধক গ্ৰহণৰ সুযোগ থকা সকলোক উদগনি জনাইছে যাতে দেশত সুৰক্ষাৰ ভেঁটি গঢ়ি তুলি মহামাৰীটো শেষ কৰিব পাৰে ৷ দেওবাৰলৈ আমেৰিকা যুক্তৰাষ্ট্ৰত COVID-19ত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে মুঠ 19 নিযুত ৷ আমেৰিকা যুক্তৰাজ্যত থকা জনচ হপকিনচ বিশ্ববিদ্যালয়ৰ মতে, স্থানীয় কৰ্তৃপক্ষ আৰু মিডিয়া আউটলেটকে ধৰি বিভিন্ন উৎসৰ পৰা ট্ৰেক কৰা তথ্যৰ ভিত্তিত 19,069,926 জন লোক মহামাৰীত আক্ৰন্ত হৈছে তাৰ লগতে ৩৩২,৭০৫ জন লোকৰ মৃত্যু হৈছে । ইফালে সমগ্ৰ দেশতে সোমবাৰলৈ 80,627,634 জন আক্ৰন্ত হোৱাৰ লগতে 1,762,015 জনৰ মৃত্যু হৈছে ৷

লগতে পঢ়ক:ইউৰোপত শীঘ্ৰে উপলব্ধ হ'ব পৰ্যাপ্ত ক'ভিড-19 প্ৰতিষেধক

Last Updated : Dec 28, 2020, 9:33 AM IST

ABOUT THE AUTHOR

...view details