নেচনেল ডেস্ক, 18 জানুৱাৰী :2020 চনৰ ডিচেম্বৰ মাহত এখন আলোচনীয়ে আমেৰিকাৰ প্ৰথমগৰাকী তথা দ্বিতীয় ভদ্ৰলোক দৌগ এমহফক সকলো মহিলাই নিজৰ সংগীৰ মাজত পাব লগা এগৰাকী 'হাইপ-মেন' হিচাপে অভিহিত কৰিছিল ৷ প্ৰতিবন্ধকতা ভাঙি পত্নীয়ে আগুৱাই যোৱা যাত্ৰাৰ কথা তেওঁ যি উছাহ বৰ্ণনা কৰে , সেই কথাৰ আলম লৈয়ে আলোচনী খনে সংযুক্ত ৰাষ্ট্ৰৰ প্ৰথম গৰাকী দ্বিতীয় ভদ্ৰলোকক হাইপ-মেন (প্ৰচাৰ কৰা ব্যক্তি) হিচাপে অভিহিত কৰে ৷ সকলোৱে একেমুখে এই কথা মানি লৈছে যে তেওঁৰ নতুন ভূমিকাত এমহফ এগৰাকী প্ৰতিবন্ধক ভাঙোতা হিচাপে ৰৈ যাব ৷
আমেৰিকাৰ প্ৰথমগৰাকী কৃষ্ণাংগ মহিলা উপ ৰাষ্ট্ৰপতি হিচাপে ভাৰতীয় মূলৰ কমলা হেৰিছৰ নাম লোৱাৰ সময়ত সংযুক্ত ৰাষ্ট্ৰৰ সদ্য নিৰ্বাচিত ৰাষ্ট্ৰপতি জ' বাইডেনেও এই কথাষাৰত বিশেষভাৱে আলোকপাত কৰিছিল যে এমহফ আমেৰিকাবাসীয়ে চিনি পোৱা প্ৰথমগৰাকী দ্বিতীয় ভদ্ৰলোক হ'ব ৷
কিন্তু এই বিশেষ কথাষাৰৰ বাহিৰেও অন্য বহু এনে বিষয় আছে যিসমূহৰ জড়িয়তে এই কথা স্পষ্ট হৈ পৰে যে ৰাজহুৱা ক্ষেত্ৰত এক ভাল সম্পৰ্ক বজাই ৰাখিব পৰাকৈ এমহফৰ হেৰিছৰ সৈতে যথেষ্ট বুজাপৰা আছে ৷ ৰাজহুৱা ক্ষেত্ৰত এমহফৰ কিছুমান কামে এই কথা প্ৰমাণ কৰে ৷ যেনে, 2020 চনৰ নৱেম্বৰ মাহত সামাজিক মাধ্যমত দুখন পতাকাৰ সৈতে পত্নী আৰু তেওঁৰ ফটো সম্বলিত এক পোষ্ট কৰি এমহফে কৈছিল যে পত্নীক লৈ তেওঁ গৌৰাম্বিত ৷