অসম

assam

ট্ৰাম্পে পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাটো দেশৰ বাবে বিপদ হ'ব পাৰে: অৰ্থনীতিবিদ

By

Published : Dec 18, 2020, 5:37 PM IST

আমেৰিকাত ৰাজনীতিবিদ সকলৰ নিজৰ কোনো শক্তি নাথাকে ৷ জনসাধাৰণে তেওঁলোকক নিৰ্বাচিত কৰি শক্তি আৰু ক্ষমতা প্ৰদান কৰে ৷ এইখন ৰাষ্ট্ৰত বহু বছৰ পূৰ্বে গণতন্ত্ৰক হত্যা কৰা হৈছিল কিন্তু আমেৰিকাবাসীৰ গণতন্ত্ৰ পুনৰ ঘুৰাই আনিবলৈ চেষ্টা কৰিম' ৷ লগতে, আমেৰিকাৰ বিভাজনকামী প্ৰতিযোগিতা আৰু ৰাষ্ট্ৰীয় একতা পুনৰ ঘুৰাই অনাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে সদ্য নিৰ্বাচিত ৰাষ্ট্ৰপতি গৰাকীয়ে ৷

Donald Trump's re-election could be dangerous for country: Economist
ডোনাল্ড ট্ৰাম্পে পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাটো দেশৰ বাবে বিপদ হ'ব পাৰে: অৰ্থনীতিবিদ

নিউজ ডেস্ক, 18 ডিচেম্বৰ : স্বতন্ত্ৰতা,সমতা আৰু আত্ম শাসনৰ মূল নীতিৰ ওপৰত নিৰ্মিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ গণতন্ত্ৰ হৈছে বিশ্বৰ আটাইতকৈ পুৰণি গণতন্ত্ৰৰ ভিতৰত আন এক গণতন্ত্ৰ ৷ কিন্তু শেহতীয়াকৈ আমেৰিকাৰ গণতন্ত্ৰ যথেষ্ট সংকটাপন্ন হৈছে ৷ নৱেম্বৰত দেশখনত হোৱা 46 সংখ্যক ৰাষ্ট্ৰপতি নিৰ্বাচনত জ' বিডনে 4 কোটি ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল ৷ কিন্তু নিৰ্বাচনত পৰাজয় বৰণ কৰিও হোৱাইট হাউছৰ আশা বাদ দিব নোৱাৰা প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে নিজৰ পৰাজয় মানিব বিচৰা নাছিল ৷

ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজয় সাব্যস্ত কৰি জ' বিডেনে টুইট কৰি কৈছিল যে, আমেৰিকাত ৰাজনীতিবিদ সকলৰ নিজৰ কোনো শক্তি নাথাকে ৷ জনসাধাৰণে তেওঁলোকক নিৰ্বাচিত কৰি শক্তি আৰু ক্ষমতা প্ৰদান কৰে ৷ এইখন ৰাষ্ট্ৰত বহু বছৰ পূৰ্বে গণতন্ত্ৰক হত্যা কৰা হৈছিল কিন্তু আমেৰিকাবাসীৰ গণতন্ত্ৰ পুনৰ ঘুৰাই আনিবলৈ চেষ্টা কৰিম' ৷ লগতে, আমেৰিকাৰ বিভাজনকানী প্ৰতিযোগিতা আৰু ৰাষ্ট্ৰীয় একতা পুনৰ ঘুৰাই অনাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে সদ্য নিৰ্বাচিত ৰাষ্ট্ৰপতি গৰাকীয়ে ৷

লগতে পঢ়ক :বিজেপি কৰ্মীৰ বিৰুদ্ধে কেৰালা আৰক্ষীৰ গোচৰ পঞ্জীয়ন

ইয়াৰ উপৰিও, জ' বিডেনে ক'ভিড মহামাৰীৰ সময়ত দেশখনৰ দৰিদ্ৰ জনসাধাৰণৰ অৰ্থ ব্যৱস্থা পুনৰ ঘুৰাই অনাৰ বাবে চেষ্টা কৰিব বুলিও উল্লেখ কৰে ৷

আনহাতে, আমেৰিকাৰ অৰ্থনীতিবিদে চলোৱা এক সমীক্ষাত স্পষ্ট হৈছিল যে, ডোনাল্ড ট্ৰাম্পে পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাটো দেশখনৰ বাবে বিপদ হ'ব পাৰে ৷ কিন্তু ডোনাল্ড ট্ৰাম্পৰ ফালৰ পৰা স্পষ্টকৈ কোৱা হৈছিল যে, 2024 চনত পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব ৷

লগতে পঢ়ক :ফিফাৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈৰ সন্মান দখল ৰবাৰ্ট লেৱানডাউস্কীৰ

ABOUT THE AUTHOR

...view details