অসম

assam

ETV Bharat / international

'বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে সম্পৰ্ক চ্ছেদ কৰিব আমেৰিকাই', জানক কিয়? - WHO latest news

এক সংবাদ মাধ্যমযোগে ট্ৰাম্পে কয় যে, 'যিহেতু তেওঁলোকে প্ৰস্তাৱিত আৰু প্ৰয়োজনীয় সংশোধনসমূহ আনিবলৈ অপৰাগ হৈছে সেয়েহে আমি বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে সম্পৰ্কসমূহ চ্ছেদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো । আৰু এইক্ষেত্ৰত প্ৰয়োজনীয় আঁচনিসমূহ বিশ্বব্যাপী অন্যান্য দেশসমূহতো স্থানান্তিৰত কৰাৰ উপৰিও জৰুৰী জনস্বাস্থ্য প্ৰয়োজনীয়তাৰ দাবী উত্থাপন কৰিছো ।'

Donald Trump announced US is cutting ties with WHO. Here's why ?
'বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে সম্পৰ্ক চ্ছেদ কৰিব আমেৰিকাই', জানক কিয়?

By

Published : May 30, 2020, 1:25 PM IST

ইন্টাৰনেশ্যনেল ডেক্স,30 মেঃ বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে সম্পৰ্ক চ্ছেদ কৰিব আমেৰিকা যুক্তৰাষ্ট্ৰই । সমগ্ৰ বিশ্বই কৰ'ণা ভাইৰাছৰ সৈতে যুঁজ দিয়া থকা সময়তেই এই ঘোষণা মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ । কৰ'ণা ভাইৰাছক লৈ আমেৰিকা আৰু চীনৰ মাজত চলি থকা উত্তেজনাৰ মাজতে ড'নাল্ড ট্ৰাম্পে জেনেভা স্থিত সৰ্বোচ্চ সংস্থাটোৰ সৈতে সম্পৰ্ক চ্ছেদ কৰে । উল্লেখ্য যে, এই ভাইৰাছ বিধ বিগত বৰ্ষৰ শেষৰ ভাগত চীনৰ উহান চহৰত আবিৰ্ভাৱ হৈছিল । সম্প্ৰতি ই বিশ্বব্যাপী 5.4 মিলিয়ন লোকক সংক্ৰমিত কৰিছে ।

এক সংবাদ মাধ্যমযোগে ট্ৰাম্পে কয় যে, 'যিহেতু তেওঁলোকে প্ৰস্তাৱিত আৰু প্ৰয়োজনীয় সংশোধনসমূহ আনিবলৈ অপৰাগ হৈছে সেয়েহে আমি বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে সম্পৰ্কসমূহ চ্ছেদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো । আৰু এইক্ষেত্ৰত প্ৰয়োজনীয় আঁচনিসমূহ বিশ্বব্যাপী অন্যান্য দেশসমূহতো স্থানান্তিৰত কৰাৰ উপৰিও জৰুৰী জনস্বাস্থ্য প্ৰয়োজনীয়তাৰ দাবী উত্থাপন কৰিছো ।'

উল্লেখ্য যে, প্ৰয়োজনীয় সংশোধনসমূহৰ উল্লেখ কৰি বিশ্বৰ সৰ্বোচ্চ সংস্থাটোলৈ এখন তালিকা প্ৰেৰণ কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীয়ে । ইয়াৰ সহাঁৰিৰ বাবে আমেৰিকাই বিশ্ব স্বাস্থ্য সংস্থাক 30 দিনৰ সময়সমীমা বান্ধি দিছে । আমেৰিকা যুক্তৰাষ্ট্ৰই 1948 চনত বিশ্ব স্বাস্থ্য সংস্থাত যোগদান কৰিছিল ।

আমেৰিকাই পত্ৰখনত উল্লেখ কৰা কথাসমূহ এনেধৰণৰ-

2020 বৰ্ষৰ 14 এপ্ৰিলত, মই কোভিড 19 মহামাৰীৰ ক্ষেত্ৰত সংস্থাটোৰ ব্যৰ্থ সহাঁৰি আৰু স্থগিত অনুসন্ধানৰ বাবে বিশ্ব স্বাস্থ্যলৈ আমেৰিকাৰ অৱদান বৰ্খাস্ত কৰিছো । এই প্ৰৰ্যালোচনাত মই বিগত মাহত উত্থাপিত বহু বিষয়ক বিশেষকৈ সংস্থাটোৱে চীনৰ পৰা স্বতন্ত্ৰ হোৱাৰ চিন্তনীয় অভাৱ নিশ্চিত কৰিছিলো ।

এই সমীক্ষাৰ অন্তত আমি নিম্নলিখিত তথ্যসমূহ লাভ কৰিছোঃ

বিশ্ব স্বাস্থ্য সংস্থাই 2019 বৰ্ষৰ ডিচেম্বৰত চীনৰ উহানত এই ভাইৰাছৰ সংক্ৰমণৰ উপযুক্ত প্ৰতিবেদনক নিয়মিতভাৱে উপেক্ষা কৰি আহিছে । ইয়াৰ উপৰিও সংস্থাটোৱে উহানৰ পৰা উৎস লাভ কৰাৰ পিছতো চীনৰ চৰকাৰী বিষয়ববীয়া সকলৰ একাউন্ট পৰীক্ষা আদি স্বতন্ত্ৰভাৱে কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে বিফল হৈছে ।

2019 চনৰ 30 ডিচেম্বৰৰ পূৰ্বেই, বেইজিং স্থিত বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্যালয়ে তথ্য লাভ কৰিছিল যে, উহানত এক গুৰুতৰ জনস্বাস্থ্য সমস্যাৰ উদ্ভৱ হৈছে । 26ৰ পৰা 30 ডিচেম্বৰৰ ভিতৰত চীনৰ সংবাদ মাধ্যমে উহানত নতুন ভাইৰাছৰ আবিৰ্ভাৱৰ কথা প্ৰকাশ কৰাৰ উপৰিও ৰোগী সকলৰ তথ্য বিভিন্ন চাইনিজ জেনোমিক্স প্ৰতিষ্ঠানসমূহত প্ৰেৰণ কৰিছিল ।

ইয়াৰ পিছ দিনাখনেই টাইৱানৰ কৰ্তৃপক্ষই আলোচনা কৰি ভাইৰাছ বিধৰ জন সংক্ৰমণৰ কথা বিশ্ব স্বাস্থ্য সংস্থাক অবগত কৰে । কিন্তু ইয়াৰ পিছতো ৰাজনৈতিক কাৰণত বিশ্ব স্বাস্থ্য সংস্থাই এই গুৰুতৰ তথ্য বিশ্বৰ আগত মুকলি কৰাৰ পৰা বিৰত থাকে ।

আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্য বিধি অনুসৰি স্বাস্থ্যৰ জৰুৰীকালীন সময়ৰ 24 ঘন্টাৰ ভিতৰত ৰাষ্ট্ৰসমূহক অবগত কৰাটো বাধ্যতামূলক । কিন্তু চীনে 2019 চনৰ 31 ডিচেম্বৰ পৰ্যন্ত উহানত অজ্ঞাত কাৰণত হোৱা কেইবাটাও নিমোনিয়া ৰোগীৰ ঘটনাৰ তথ্য বিশ্ব স্বাস্থ্য সংস্থাক জনোৱাৰ পৰা বিৰত থাকে ।

ছাংঘাই পাব্লিক হেল্থ ক্লিনিক চেন্টাৰৰ ডাঃ ঝাং য়োংঝেনে কয় যে, তেখেতে 2020 চনৰ 5 জানুৱাৰীত চীন কৰ্তৃপক্ষক ভাইৰাছৰ 'জেনোমি' ক্ৰমক ধৰা পেলাইছে । কিন্তু ইয়াৰ 6 দিন পিছলৈকে অৰ্থাৎ 2020 চনৰ 5 জানুৱাৰীলৈকে এই তথ্য প্ৰকাশ কৰা নহয় । এই কথা তেওঁ অনলাইনযোগে প্ৰকাশ কৰাৰ পিছতেই চীন কৰ্তৃপক্ষই তেখেতৰ পৰীক্ষাগাৰ বন্ধ কৰি দিয়ে । কিন্তু উভয় ক্ষেত্ৰতে বিশ্ব স্বস্থ্য সংস্থাই মৌনতা অবলম্বন কৰে ।

বিশ্ব স্বাস্থ্য সংস্থাই কৰ'ণা ভাইৰাছ বিষয়ে প্ৰকাশ কৰা তথ্যসমূহ গুৰুতৰভাৱে ভূল তথা বিভ্ৰান্তিকৰ বুলি বাহুবাৰ দাবী কৰা হৈছে ।

2020 চনৰ 14 জানুৱাৰীত বিশ্ব স্বাস্থ্য সংস্থাই অ-যুক্তিগতভাৱে কৰ'ণা ভাইৰাছ মানুহৰ পৰা মানুহলৈ সংক্ৰমিত হ'ব নোৱাৰাৰ চীনৰ দাবীক অস্বীকাৰ কৰে ।

2020 চনৰ 21 জানুৱাৰীত চীনৰ প্ৰধানমন্ত্ৰী জি জিংপিঙে কৰ'ণা ভাইৰাছ সংক্ৰমণক স্বাস্থ্যৰ জৰুকালীন ঘোষণা কৰাৰ পৰা বাধা আৰোপ কৰাৰ বাবে সংস্থাটোৱে দ্বিতীয় দিনাই বিশ্বক কৰ'ণা ভাইৰাছ বিশ্বৰ স্বাস্থ্যৰ জৰুৰীকালীন অৱস্থা নহয় বুলি অবগত কৰে । কিন্তু ইয়াৰ এসপ্তাহ পিছতেই অৰ্থাৎ 2020 চনৰ 30 জানুৱাৰীত চীনৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত সংস্থাটোৱে নিজৰ পূৰ্বৰ সিদ্ধান্তক ওভটাই লয় ।

কৰ'ণা ভাইৰাছৰ সম্পূৰ্ণ তথ্য-

মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীয়ে কয় যে, 2020ৰ 28 জানুৱাৰীত চীনৰ প্ৰধানমন্ত্ৰী জি জংপিঙক সাক্ষৎ কৰাৰ পিছতেই আপোনালোকে কৰ'ণা ভাইৰাছৰ ক্ষেত্ৰত চীনে সংক্ৰমণৰ ক্ষেত্ৰত প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰা বুলি প্ৰসংশা কৰে । কিন্তু সেই সময়লৈকে আপোনালোকে এই কথা উল্লেখ কৰা নাছিল যে, চীনে সেইপৰ্যন্ত এই ৰোগ সন্দৰ্ভত সম্পূৰ্ণ মৌন হৈ আছিল আৰু বহু চিকিকৎসকক এই বিষয়ে মাত মতাৰ বাবে শাস্তি প্ৰাদান কৰাৰ উপৰিও চীনৰ সংবাদ মাধ্যমসমূহত এই তথ্য প্ৰকাশ কৰাত প্ৰতিবন্ধকতা আৰোপ কৰিছিল ।

যদিও আপুনালোকে পলমকৈ 2020ৰ 30 জনুৱাৰীত ইয়াক আন্তঃৰাষ্ট্ৰীয় উদ্বেগপূৰ্ণ জৰুৰীকালীন ঘোষণা কৰে কিন্তু আপোনালোকে আন্তঃৰাষ্ট্ৰীয় চিকিৎসা বিশেষজ্ঞসকলক চীনৰ বিশ্ব স্বাস্থ্য সংস্থাৰ দলত ভৰ্তিৰ বাবে চীনক চাপ প্ৰদানত ব্যৰ্থ হয় । ইয়াৰ পৰিণতিস্বৰূপে বিশেষজ্ঞৰ দলটো দু-সুপ্তাহ পলমকৈ অৰ্থাৎ 2020ৰ ফেব্ৰুৱাৰীতে চীনত উপস্থিত হয় । কিন্তু ইয়াৰ পিছটো দলটোক উহানত প্ৰৱেশত বাধা আৰোপ কৰা হয় ।

আপোনাকে চীনক ঘৰুৱা ভ্ৰমণত প্ৰতিবন্ধকতা প্ৰদান কৰাৰ বাবে প্ৰশংসা কৰে কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সীমান্ত বন্ধ কৰাৰ লগতে চীনৰ পৰা লোকসকলৰ অহাৰ ক্ষেত্ৰত বাধা আৰোপ কৰাৰ মোৰ সিদ্ধান্তৰ সম্পূৰ্ণ বিৰোধিতা কৰে । মই এই প্ৰতিবন্ধকতা আপোনালোকৰ ইচ্ছাৰ বিপৰীতেহে আৰোপ কৰিছো । এই বিষয়ত আপোনালোকৰ ৰাজনৈতিক ক্ৰীড়া খুবেই ভয়ংকৰ ।

আশ্বৰ্যজনকভাৱে আপোনালেকে 2020ৰ 3 ফেব্ৰুৱাৰীত চীনে বিশ্বক কৰ'ণা ভাইৰাছৰ পৰা সুৰক্ষা প্ৰদান কৰিছে, ভ্ৰমণত বাধা আৰোপ কৰিছে ই বিশ্বত ভাইৰাছৰ সংক্ৰমণৰ সম্ভাব্যতা হ্ৰাস কৰিব আদি দিশত প্ৰশংসা কৰি আহিছিল । যদিও সেই সময়লৈকে বিশ্বই এই কথা জানিছিল যে চীনে ইতিমধ্যে 5 মিলিয়নতকৈও অধিক লোকক উহানত লক ডাউন ঘোষণা কৰাৰ পূৰ্বেই চহৰ এৰিবলৈ নিৰ্দেশ দিয়ে আৰু ইয়াৰ মাজৰ অধিকসংখ্যক লোক বিভিন্ন দেশলৈ উৰা মাৰে ।

2020ৰ 3 ফেবৰুৱাৰীলৈকে চীনে দেশসমূহক ভ্ৰমণত আৰোপ কৰা বাধাসমূহ উঠাই লোৱাৰ বাবে জোৰ প্ৰদান কৰে । ই আপোনালোকে চীনৰ বাহিৰত এই ভাইৰাছৰ সংক্ৰমণৰ সম্ভাৱনা অতি নিম্ন হোৱাৰ উপৰিও ই চীনৰ পৰা বাহিৰলৈ যোৱাৰ সম্ভৱনাও নিম্ন বুলি দিয়া ভূল বাখ্যাক জোৰ প্ৰদান কৰে ।

আপোনালোকে 2020ৰ 11 মাৰ্চত এই ভাইৰাছক মহামাৰী আখ্যা দিয়ালৈকে ই 4000ত কৈও অধিক লোকক মৃত্যুমুখত পেলোৱাৰ উপৰিও 114 খন দেশৰ 1,00,000 লোকক আক্ৰান্ত কৰে ।

2020ৰ 11 এপ্ৰিলত বহুকেইগৰাকী আফ্ৰিকান ৰাষ্ট্ৰদূতে চীনৰ বৈদেশিক মন্ত্ৰণালয়লৈ চীনৰ গুৱাংঝু আৰু অন্য চহৰত চিকিৎসাৰ ক্ষেত্ৰত আফ্ৰিকান সকলৰ লগত বৈষম্যসমূলক আচৰণ কৰাক লৈ পত্ৰ প্ৰেৰণ কৰিছে । কিন্তু আপোনালেকে বৈষম্যসমূলক আচৰণৰ বিষয়ে জ্ঞাত হৈও কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই ।

এই গোটেই সংকটৰ সময়ছোৱাতো বিশ্ব স্বাস্থ্য সংস্থাই চীনক ইয়াৰ পাৰদৰ্শিতাৰ বাবে বাৰে বাৰে প্ৰসংশা কৰি আহিছে । জানুৱাৰীৰ আৰম্ভনিতে চীনে এই ভাইৰাছৰ নমুনা ধ্বংসৰ উপৰিও বিশ্বক এই গুৰুত্বপূৰ্ণ তথ্যৰ পৰা বঞ্চিত কৰি ৰাখিছে । আজিৰ দিনটো চীনে আন্তঃৰাষ্ট্ৰীয় স্বস্থ্য বিধিৰ উলংঘা কৰি প্ৰকৃত নমুনা প্ৰেৰণ আৰু সময়মতে ভইৰাছ উৎস সম্পৰ্কীয় ডাটা প্ৰেৰণ আদিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা নাই ।

এই ক্ষেত্ৰত চীনক ভাইৰাছ বিধৰ উৎপত্তি সম্বন্ধে স্বতন্ত্ৰ অনুসন্ধান কৰাৰ বাবে চীনক সামজিকভাৱে নিৰ্দেশ প্ৰদানৰ ক্ষেত্ৰতো সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বিশ্ব স্বাস্থ্য সংস্থা । ইয়াৰ বিপৰীতে সংস্থাটোৱে নিজৰ জৰুৰী কমিটিৰ দ্বাৰা এই অনুসন্ধান অব্যাহত ৰাখিছে । বিশ্ব স্বাস্থ্য সংস্থাৰ এই বিফলতাই ইয়াৰ সদস্যসকলক এই বৰ্ষৰ বিশ্ব স্বাস্থ্য সভাত কোভিড 19ৰ প্ৰতিক্ৰিয়াৰ সমকল্পক আকোৱালি লোৱাৰ বাবে অনুপ্ৰেৰণা জনায় ।

এইসমূহ বিফলতাৰ পিছতো আমি ভাবো যে বিশ্ব স্বাস্থ্য সংস্থাই বহুক্ষেত্ৰত ভাল কাৰ্য কৰিব পাৰিব । কিছু বছৰ পূৰ্বে বিভিন্ন মহা পৰিচালকৰ নিৰ্দেশত সংস্থাটোৱে বিশ্ববাসীক কি কি অবদান আগবঢ়াব পাৰে এই ক্ষেত্ৰত নিদৰ্শন দাঙি ধৰিছিল । 2003 চনত চীনত শ্বাস-প্ৰশ্বাসৰ জটিলতাৰ ৰোগক, 55 বছৰত বিশ্ব স্বস্থ্য সংস্থাৰ প্ৰথম জৰুৰীকালীন ভ্ৰমণ পৰামৰ্শদাতা মহাপৰিচালক হাৰলেম ব্ৰাণ্ডলেণ্ডে চীনত এই ৰোগৰ উৎপত্তিস্থল বুলি সাহসেৰে ঘোষণা কৰে । এইক্ষেত্ৰত তেখেতে বিশ্বক স্বাস্থ্য সম্বন্ধীয় জটিলতাৰ সন্মুখীন কৰোৱাৰ বাবে তীব্ৰ সমালোচনা কৰে ।

এই কথা স্পষ্ট হৈ পৰিছে যে এই মহামাৰী সন্দৰ্ভত আপোনালোকৰ সংস্থাই দিয়া প্ৰতিক্ৰিয়াসমূহ বিশ্ববাসীৰ বাবে অত্যন্ত ব্যয়বহুল হিচাপে পৰিগণিত হৈছে । বিশ্ব স্বাস্থ্য সংস্থা তেতিয়াহে আগুৱাই যাব যেতিয়া ই চীনৰ পৰা নিজকে স্বাধীন প্ৰদৰ্শন কৰিব পাৰিব । মোৰ প্ৰশাসনে সংশোধনৰ ক্ষেত্ৰত আপোনালোকৰ সৈতে ইতিমধ্যে আলোচনা আৰম্ভ কৰিছে । এইক্ষেত্ৰত দ্ৰুত পদক্ষেপ গ্ৰহণৰ নিতান্তই প্ৰয়োজন বুলি পত্ৰযোগে জনায় মাৰ্কিন ৰাষ্ট্ৰপতি ড'মাল্ড ট্ৰাম্পে ।

লগতে পঢ়ক- চীন ভাৰত সীমান্ত সংঘাতক লৈ ভাল মেজাজত নাই নৰেন্দ্ৰ মোডীঃ ড'নাল্ড ট্ৰাম্প

ABOUT THE AUTHOR

...view details