ইন্টাৰনেশ্যনেল ডেস্ক, 24 আগষ্টঃ বিগত সপ্তাহত আমেৰিকাৰ বিৰোধী ডেম'ক্ৰেট দলে নৱেম্বৰত হ'বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে জ' বিদেন আৰু উপ ৰাষ্ট্ৰপতি পদৰ বাবে কমলা হেৰিছৰ নাম প্ৰস্তাৱ কৰে ৷ ভাৰত আৰু এছিয়ামূলৰ কমলা হেৰিছ উপ-ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰক্ষেপিত হোৱাৰ পাছতেই তুমূল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মহাদেশখনত ৷ চাওঁক এই সম্পৰ্কত জেষ্ঠ সাংবাদিক স্মিতা শৰ্মাৰ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰদূত মীৰা শংকৰ আৰু দ্যা হিন্দু কাকতৰ আমেৰিকাস্থিত সংবাদ দাতা শ্ৰীৰাম লক্ষ্মণৰ সৈতে হোৱা এক সাক্ষাৎকাৰ ..
লগতে পঢ়কঃযোৰহাটৰ NID স্থিত ক’ভিড চেন্টাৰৰ পৰা পলায়ণ 8 শিশুৰ
শ্ৰীৰাম লক্ষ্মণে তেওঁৰ মতামত দাঙি ধৰি কয় যে, জ' বিদেনৰ স'তে উপ-ৰাষ্ট্ৰপতি পদৰ বাবে কমলা হেৰিছতকৈ ভাল পছন্দ আৰু একো হ'ব নোৱাৰে ৷ হেৰিছৰ আছে পেছাগতভাৱে জনসেৱাৰ লগত জড়িত থকাৰ এক দীৰ্ঘ ইতিহাস ৷ তেওঁ কৃষ্ণাংগ আৰু ভাৰত তথা এছিয়মূলৰ ৷ তেওঁৰ আছে কৃষ্ণাংগমূলৰ ভোটাৰৰ সহমৰ্মিতা ৷
ইয়াৰোপৰি তেওঁৰ কেলিফ'ৰ্ণিয়াত পাব্লিক প্ৰছিক্যুটৰ হিচাবে কৰ্মৰত হৈ থাকোতে কিছু ঐতিহাসিক ৰায়দান কৰিছিল যাৰ জৰিয়তে তেওঁ হৈ পৰিছিল বিশেষকৈ কৃষ্ণাংগ সকলৰ হিয়াৰ আমঠু ৷ বিদেন আৰু হেৰিছে নিৰ্বাচনত জয়ী হ'লে 4 বা 8 বছৰ আমেৰিকাক প্ৰতিনিধিত্ব কৰাটো নিশ্চিত, লক্ষ্মণে কয় ৷ তেওঁ লগতে কয় , এই সময়ত যিহেতু আমেৰিকাত কৃষ্ণাংগ সকলে জাতিগত হিংসাক প্ৰতিহত কৰিবলগীয়া হৈছে সেয়ে হেৰিছৰ প্ৰক্ষেপণে ডেম'ক্ৰেট দলক এটা ইতিবাচক দিশ প্ৰদান কৰিব পাৰে ৷
কমলা হেৰিছ উপ ৰাষ্ট্ৰপতি পদৰ বাবে শ্ৰেষ্ঠ পছণ্ড এই সম্পৰ্কে সহমত প্ৰকাশ কৰি মীৰা শংকৰে কয় যে, আমেৰিকান ভোটাৰ সকলৰ ভিতৰত 4.7 শতাংশ এছিয়মূলৰ, 13 শতাংশ হিছপেনিক আৰু 12 শতাংশ কৃষ্ণাংগ ৷ গতিকে সংখ্যাৰ ফালৰ পৰা প্ৰাধান্য নাথাকিলেও এইবাৰৰ নিৰ্বাচনত যিহেতু প্ৰতিযোগিতা বেছি হ'ব সেয়ে প্ৰতিটো ভোটৰ মূল্য বহু বেছি ৷ আমেৰিকাত থকা এছিয়মূলৰ লোকসকল যথেষ্ট ধনী আৰু তেওঁলোকে ৰাজনীতিটো প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰে ৷
সেয়ে ডেম'ক্ৰেট আৰু ৰিপাব্লিক দুয়োটা দলে এই সম্প্ৰদায়ৰ ওচৰ চাপিবলৈ চেষ্টা কৰা দেখা গৈছে ৷ ইয়াৰ বাহিৰেও দেখা যায় যে, কিছু সংখ্যক নামি প্ৰতিষ্ঠান যেনে গুগ'ল, মাইক্ৰ'ছফ্ট, আই বি এম, মাষ্টাৰ কাৰ্ড ইত্যাদিৰ নেতৃত্বত আছে ভাৰতীয় আৰু এছিয়মূলৰ প্ৰভাৱশালী লোকসকল ৷