নিউজ ডেস্ক, 10 আগষ্ট: আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী ৱাছিংটন ডিচিত দেওবাৰে এক বৃহৎ মুকলিমুৰীয়া পাৰ্টীত গুলিয়াগুলিযোগে এক বিবাদৰ সূত্ৰপাত হয় ৷ আৰক্ষীয়ে সদৰি কৰা মতে,এই গুলিয়াগুলিত এজন লোকৰ মৃত্যু হয় ৷ ইয়াৰ লগতে এগৰাকী মহিলা অফ ডিউটী বিষয়াসহ 20 গৰাকী লোক আঘাতপ্ৰাপ্ত হয় ৷
মেট্ৰ’পলিটন আৰক্ষী বিভাগৰ মুখ্য বিষয়া পিটাৰ নিউজহামে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে,দক্ষিণ-পূৱ দিশত মাজনিশাৰ পাচত খ্ৰীষ্টোফাৰ ব্ৰাউন নামৰ এজন 17 বছৰীয়া যুৱকৰ মৃত্যু হৈছিল,য’ত সংগীত আৰু ভোজনৰ বাবে সকলো লোকে একগোট হৈছিল ৷ ইয়াৰ পাচতে বিবাদ আৰম্ভ হয় আৰু কোনো কোনোৱে নিজ নিজ অস্ত্ৰসমূহ উলিয়াই লয় ৷
আৰক্ষীয়ে জানিবলৈ দিয়ে যে,সেই স্থানত কমেও 3 জন বন্দুকধাৰী উপস্থিত আছিল,কিন্তু তাৎক্ষণিকভাৱে কোনো লোকক গ্ৰেপ্তাৰৰ ঘোষণা কৰা হোৱা নাছিল ৷ নিউজহামে কয় যে,গুলীয়াগুলিৰ মুখ্য উদ্দেশ্য জানিব পৰা হোৱা নাছিল ৷ আনহাতে,মহিলা অফ ডিউটী বিষয়া গৰাকীৰ সৈতে আঘাতপ্ৰাপ্তসকলক স্থানীয় হাস্পতাললৈ লৈ যোৱা হয় ৷ সম্প্ৰতি মহিলা বিষয়া গৰাকীয়ে জীৱনৰ সৈতে যুঁজ দি আছে ৷