নেচনেল ডেস্ক, 3 জানুৱাৰী : ৰিপাব্লিকান চিনেটৰৰ 11 জনীয়া এক জোঁটবন্ধনে সংযুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফলক প্ৰত্যাহ্বান জনোৱাৰ কথা ঘোষণা কৰে ৷ শনিবাৰে এই কথা ঘোষণা কৰি ৰিপাব্লিকান চিনেটৰৰ দলটোৱে কয় যে আগন্তুক সপ্তাহটোত আনুষ্ঠানিকভাৱে সদ্য নিৰ্বাচিত ৰাষ্ট্ৰপতি জ' বাইডেনৰ বিজয়ক স্বীকৃতি প্ৰদান কৰাৰ দিনটোত কেইখনমান ৰাজ্যৰ পৰা ভোটদাতাৰ ভোট প্ৰত্যাখান কৰাৰ উদ্দেশ্যে ভোট দি তেওঁলোকে নিৰ্বাচনী ফলাফলক প্ৰত্যাহ্বান জনাব ৷
ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এতিয়াও নিৰ্বাচনত নিজৰ পৰাজয় স্বীকাৰ কৰিবলৈ অমান্তি হোৱাৰ লগতে ভোটাৰৰ মতদান সলনি কৰিবলৈ চলোৱা প্ৰচেষ্টাৰ ফলত ৰিপাব্লিকান সকলৰ দলটোক ইতিমধ্যে দুই ভাগত বিভক্ত কৰিছে বুলি জানিব পৰা গৈছে ৷ মন কৰিব লগীয়া কথাটো এইয়ে যে চিনেটৰ নেতা মিট্চ মিকানলেও ৰিপাব্লিকান সকলক নিৰ্বাচনক ওলোটা কৰিবলৈ প্ৰয়াস নকৰিবৰ বাবে আহ্বান জনাইছে ৷
নিৰ্বাচনী ফলাফলক প্ৰত্যাহ্বান জনাব বিচৰা চিনেটৰ কেইগৰাকীয়ে কয় যে কংগ্ৰেছে নিৰ্বাচনী ফলাফল পৰীক্ষা কৰাৰ বাবে অতি শীঘ্ৰে এক নিৰ্বাচনী আয়োগ নিযুক্ত নকৰা পৰ্যন্ত তেওঁলোকে কেইখনমান বিশেষ ৰাজ্যৰ ভোটদাতাৰ বিপক্ষে ভোট কৰিব ৷