নেচনেল ডেস্ক, 9 ডিচেম্বৰ:সংযুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে সদ্য নিৰ্বাচিত ডেম'ক্ৰেট প্ৰাৰ্থী জ' বাইডেনে তেওঁৰ প্ৰথম তিনিমাহৰ আভ্যন্তৰীণ প্ৰশাসনৰ কালছোৱাত 100 মিলিয়ন লোকৰ মাজত ক'ভিড-19 প্ৰতিষেধক প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৷
মঙলবাৰে তেওঁৰ মহামাৰী প্ৰতিক্ৰিয়া দলটোক পৰিচয় কৰাই দি দেলাৱৰত অনুষ্ঠিত এক অনুষ্ঠানত ভাগ লৈ বাইডেনে তেওঁ পৰিচালনা কৰিবলগীয়া নতুন প্ৰশাসনৰ প্ৰথম তিনিটা অগ্ৰাধিকাৰৰ বিষয়ে উল্লেখ কৰে ৷
লগতে পঢ়ক:ইংলেণ্ডৰ প্ৰথমটো ক’ভিড ভেকচিন গ্ৰহণ কৰিব ভাৰতীয় মূলৰ ব্যক্তিয়ে
ভাইৰাছ বিধক প্ৰতিহত কৰিবলৈ 100 দিনৰ বাবে সকলো আমেৰিকানকে মাস্ক পৰিধান কৰিবলৈ আহ্বান জনাই তেওঁ একে সময়তে একেলগে 100 মিলিয়ন ভেকচিন বিতৰণ কৰিব বুলি এক নতুন প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷