অসম

assam

ETV Bharat / international

কৰ'ণা মহামাৰী শেষ হ'বলৈ এতিয়াও বহু দূৰ: বিশ্ব স্বাস্থ্য সংস্থা - coronavirus pandemic

বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেড্ৰোছ এডনোম ঘেব্ৰেয়েচাছে সোমবাৰে কোৱা মতে কৰ'ণা শেষ হ'বলৈ আৰু বহু দূৰ বাকী । বিশ্বজুৰি ৭৮০ নিযুতৰো অধিক প্ৰতিষেধক ইতিমধ্যে প্ৰদান কৰা হৈছে । তাৰ পিছতো আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে মাস্ক পিন্ধা, সামাজিক দূৰত্ব বজাই ৰখা, পৰীক্ষা কৰা, সংক্ৰমণ অনুসৰণ কৰা আদি বিষয়তো গুৰুত্ব আৰোপ কৰে সঞ্চালক প্ৰধানগৰাকীয়ে ।

কৰ'ণা মহামাৰী শেষ হ'বলৈ এতিয়াও বহু দূৰ:বিশ্ব স্বাস্থ্য সংস্থা
কৰ'ণা মহামাৰী শেষ হ'বলৈ এতিয়াও বহু দূৰ:বিশ্ব স্বাস্থ্য সংস্থা

By

Published : Apr 13, 2021, 8:46 PM IST

ইণ্টাৰনেশ্বনেল ডেস্ক,১৩ এপ্ৰিল:বিশ্বজুৰি যোৱা ৭ সপ্তাহ ধৰি ভয়ংকৰভাৱে কৰ'ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে আৰু যোৱা চাৰি সপ্তাহত অধিক লোকৰ মৃত্যু হৈছে । যাৰ বাবে সংকিত হৈছে বিশ্ব স্বাস্থ্য সংস্থা । বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেড্ৰোছ এডনোম ঘেব্ৰেয়েচাছে সোমবাৰে কোৱা মতে কৰ'ণা শেষ হ'বলৈ আৰু বহু দূৰ বাকী ।

বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধানগৰাকীয়ে উল্লেখ কৰা মতে এছিয়া আৰু মধ্য প্ৰাচ্যৰ কেইবাখনো দেশত কৰ'ণাৰ ঘটনা যথেষ্ট বৃদ্ধি দেখা হৈছে । কিন্তু বিশ্বজুৰি ৭৮০ নিযুতৰো অধিক প্ৰতিষেধক ইতিমধ্যে প্ৰদান কৰা হৈছে । তাৰ পিছতো আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে মাস্ক পিন্ধা, সামাজিক দূৰত্ব বজাই ৰখা, পৰীক্ষা কৰা, সংক্ৰমণ অনুসৰণ কৰা আদি বিষয়তো গুৰুত্ব আৰোপ কৰে সঞ্চালক প্ৰধানগৰাকীয়ে । লগতে তেওঁ প্ৰতিষেধক বৰ্তমান সময়ত অতি গুৰুত্বপূৰ্ণ আহিলা বুলি কয় ।

তেওঁ ইয়াকো কয় যে বিশ্বৰ কেইবাখনো দেশে ইতিমধ্যে প্ৰমাণ কৰিছে যে এই মাৰাত্মক ভাইৰাছ ৰোধ কৰিব পৰা যায় । কঠোৰ সামাজিক স্বাস্থ্য ব্যৱস্থাৰ জৰিয়তে এই ভাইৰাছক ৰোধ কৰিব পৰা যায় যদিও সীমাহীন লকডাউনৰ পোষকতা কৰা নাই সঞ্চালকগৰাকীয়ে । তেওঁৰ মতে বহু দেশে এই ভাইৰাছৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰি ক্ৰীড়াৰ অনুষ্ঠান, সংগীতৰ অনুষ্ঠান আদি আয়োজন কৰিছে, ৰেষ্টুৰেণ্টলৈ গৈছে আৰু পৰিয়ালৰ সৈতে সুৰক্ষিতভাৱে জীৱন যাপন কৰিবলৈ আৰম্ভ কৰিছে ।

গতিকে বিশ্ব স্বাস্থ্য সংস্থাইও বিশ্বত পুনৰ সমাজ আৰু অৰ্থনীতি মুকলি হোৱাৰ লগতে ভ্ৰমণ আৰু বাণিজ্য পুনৰ আৰম্ভ হোৱাটো চাব বিচাৰে । কিন্তু এতিয়া বহু দেশত সক্ৰিয় হৈ পৰিছে এই ভাইৰাছ সেয়ে মহামাৰী শেষ হোৱাৰ পৰা এতিয়াও বহু দূৰত । কিন্তু তাৰ মাজতে বহু কাৰণত আশাবাদী হ'বলৈও ৰাইজক আহ্বান জনাইছে সঞ্চালকগৰাকীয়ে ।

তেওঁৰ মতে উপযুক্ত প্ৰতিষেধক প্ৰদান আৰু স্বাস্থ্য বিধি পালনেৰে অতি সোনকালে এই মহামাৰীৰ পৰা সকলোৱে নিয়ন্ত্ৰণলৈ আনিব পাৰিব কৰ'ণাক । আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনছ হপকিঞ্চ বিশ্ববিদ্যালয়ৰ তথ্য অনুসৰি বিশ্বত কৰ'ণা ভাইৰাছ সংক্ৰমণৰ ফলত মৃত্যুৰ সংখ্যা ২.৯৪ নিযুত বৃদ্ধি পাইছে , প্ৰায় ১৩৬.৩ নিযুত সংক্ৰমণৰ ঘটনা নতুনকৈ ধৰা পৰিছে ।

লগতে পঢ়ক:ৰমজান উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকলৈ শুভেচ্ছা জ' বিদেনৰ

ABOUT THE AUTHOR

...view details