অসম

assam

By

Published : Jun 29, 2020, 7:47 AM IST

ETV Bharat / international

বিশ্বত এক কোটি অতিক্ৰম ক'ৰণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা

আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক 26,37,077 গৰাকী ব্যক্তি আক্ৰান্ত হৈছে ক'ৰণা ভাইৰাছত ৷ ৰাষ্ট্ৰখনত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 1,28,437 গৰাকীলৈ ৷

Covid 19 news from across the World
বিশ্বত এক কোটি অতিক্ৰম ক'ৰণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা

নিউজ ডেস্ক, 29 জুন : বিশ্বত এক কোটি অতিক্ৰম কৰিলে ক'ৰণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৷ সমগ্ৰ বিশ্বত বৰ্তমানলৈ 1,02,38,287 গৰাকী ব্যক্তি এই ভাইৰাছত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে 5,04,078 গৰাকী লোক ৷ ইয়াৰে 55,53,107 গৰাকী ব্যক্তি আৰোগ্য লাভ কৰাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে 41,85,457 গৰাকী ব্যক্তি ৷

বিশ্বত এক কোটি অতিক্ৰম ক'ৰণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা

আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক 26,37,077 গৰাকী ব্যক্তি আক্ৰান্ত হৈছে ক'ৰণা ভাইৰাছত ৷ ৰাষ্ট্ৰখনত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 1,28,437 গৰাকীলৈ ৷ আমেৰিকাৰ পাছতে ব্ৰাজিল আৰু ৰাছিয়াত ক্ৰমে 13,45,254 গৰাকী আৰু 6,34,437 গৰাকী ব্যক্তি ক'ৰণাত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 57,658 গৰাকী আৰু 9,073 গৰাকী ব্যক্তি ৷

ক'ৰণাত আক্ৰান্ত লোকৰ তালিকাৰ চতুৰ্থ স্থানত আছে ভাৰত ৷ ভাৰতত বৰ্তমানলৈ 5,49,197 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 16,487 গৰাকী ব্যক্তিৰ ৷

লগতে পঢ়ক : জম্মু কাশ্মীৰৰ অনন্তনাগ জিলাত নিহত তিনি সন্ত্ৰাসবাদী

ABOUT THE AUTHOR

...view details