নিউজ ডেস্ক, 21 এপ্ৰিলঃ নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডেনে দেশখনত আৰু এটা সপ্তাহলৈ লক ডাউন অব্যাহত ৰখাৰ কথা ঘোষণা কৰে ।
বিগত চাৰি সপ্তাহ ধৰি অব্যাহত আছে দ্বীপ ৰাষ্ট্ৰখনত লক ডাউন । মহামাৰী COVID-19 ৰ সংক্ৰমণৰ বাবেই লক ডাউন ঘোষণা কৰা হৈছিল ৰাষ্ট্ৰখনত । অত্যাৱশ্যকীয় সেৱাত জড়িত লোকক বাদ দি সাধাৰণ লোক কেৱল মাত্ৰ খাদ্য সামগ্ৰী বা দৰৱ কিনিবলৈহে ঘৰৰ পৰা ওলোৱাৰ অনুমতি আছে লক ডাউনৰ সময়োচোৱাত ।