অসম

assam

ETV Bharat / international

আমেৰিকাত বিপদত পৰা ছাত্ৰক সহায়ৰ হাত প্ৰৱাসী ভাৰতীয়ৰ - আমেৰিকাৰ ভাৰতীয় দূত তৰনজিত্ সিঙ

ভাৰতীয়মূলৰ হোটেল ব্যৱসায়ী আৰু ক্ষুদ্ৰ উদ্যোগৰ স্বত্বাধিকাৰী সকলে তেওঁলোকৰ মহানুভৱতা প্ৰকাশ কৰি বিপদত পৰা ছাত্ৰ সকলৰ বাবে তেওঁলোকৰ নিজা নিজা হোটেল আৰু ঘৰত থকা-খোৱাৰ ব্যৱস্থা কৰি দিছে। আমেৰিকাৰ লছ এঞ্জেলছ চহৰৰ পৰা হাৱাই চহৰলৈ প্ৰায় পাঁচ হাজাৰৰো অধিক কোঠাৰ ব্যৱস্থা কৰা হৈছে ।

আমেৰিকাত বিপদত পৰা ছাত্ৰক সহায়ৰ হাত আগবঢ়াইছে প্ৰৱাসী ভাৰতীয়ই
আমেৰিকাত বিপদত পৰা ছাত্ৰক সহায়ৰ হাত আগবঢ়াইছে প্ৰৱাসী ভাৰতীয়ই

By

Published : Mar 28, 2020, 4:28 PM IST

ৱাশ্বিংটন, 28 মাৰ্চঃ ভাৰতীয়-আমেৰিকান সমাজে আমেৰিকাত অধ্যয়নৰত ভাৰতীয় ছাত্ৰসকলৰ বাবে কিছু আশাৰ বাট দেখুৱাইছে। কোভিড- 19ৰ বাবে আমিৰেকাই ঘোষণা কৰা লক ডাউনৰ পিছত বিপাঙত পৰিছিল ছাত্ৰসকল।

আমেৰিকাস্থিত ভাৰতীয়মূলৰ হোটেল ব্যৱসায়ী আৰু ক্ষুদ্ৰ উদ্যোগৰ স্বত্বাধিকাৰী সকলে তেওঁলোকৰ মহানুভৱতা প্ৰকাশ কৰি বিপদত পৰা ছাত্ৰসকলৰ বাবে তেওঁলোকৰ নিজা নিজা হোটেল আৰু ঘৰত থকা-খোৱাৰ ব্যৱস্থা কৰি দিছে । সামাজিক মাধ্যমৰ সঠিক ব্যৱহাৰ কৰি এইসকল লোকে বিপদত পৰা ছাত্ৰসকলক সহায়ৰ বাবে এক যোগাযোগসূত্ৰ স্থাপন কৰে ।

প্ৰথমে চাৰিগৰাকী ব্যৱসায়ীৰে আৰম্ভ হোৱা এই সহায়ৰ এই পক্ৰিয়াটোত পাচলৈ অসংখ্য ভাৰতীয় মূলৰ লোকে অংশগ্ৰহণ কৰে । বৰ্তমান আমেৰিকাৰ লছ এঞ্জেলছ চহৰৰ পৰা হাৱাই চহৰলৈ প্ৰায় পাঁচ হাজাৰৰো অধিক কোঠাৰ ব্যৱস্থা কৰা হৈছে । য'ত বিপদত পৰা ভাৰতীয় লোকক বিনামূলীয়াকৈ থাকিবলৈ দিয়া হ'ব ।

আমেৰিকাত থকা ভাৰতীয় কোনো লোক বিপদত পৰিলে প্ৰথমে তেওঁলোকে ভাৰতীয় দূতাবাসত যোগাযোগ কৰিব আৰু পাচত দূতাবাসৰ পৰা হোটেলৰ মালিক সকলক খবৰ দিয়া হ'ব ।

আমেৰিকাৰ ভাৰতীয় দূত তৰনজিত্ সিঙে বিপদৰ সময়ত মহান মানৱীয় আদৰ্শ প্ৰকাশ কৰা এইসকল প্ৰবাসী ভাৰতীয়ক ভূয়সী প্ৰশংসা কৰে ।

ABOUT THE AUTHOR

...view details