ইন্টাৰনেশ্য়নেল ডেস্ক, 31 মাৰ্চ : জন হপকিনছ বিশ্ববিদ্যালয়ৰ শেহতীয়া তথ্য় অনুসৰি,কোভিড-19ৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাৰ ক্ষেত্ৰত শীৰ্ষ স্থান দখল কৰিলে আমেৰিকাই ৷ সোমবাৰে সন্ধিয়া 9.30 বজালৈকে আমেৰিকাত আক্ৰান্ত লোকৰ সংখ্য়া 1,63,000 হোৱাৰ বিপৰীতে মৃত্যু হয় 3,008 জনৰ ৷ ইয়াৰ ফলত বিশ্বৰ ভিতৰতে সৰ্বাধিক আক্ৰান্ত আৰু মৃত্যু হোৱা লোকৰ সংখ্যাৰ ক্ষেত্ৰত শীৰ্ষত অৱস্থান কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰই ৷ কেৱল নিউয়ৰ্কতে আক্ৰান্ত হোৱা লোকৰ সংখ্যা 67,000 হোৱাৰ বিপৰীতে মৃত্যু হল 1,200 জনৰ ৷ সমগ্ৰ বিশ্বতে বৰ্তমানলৈকে 7,84,000 লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 37,638 জনৰ ৷ আনহাতে, 1,65,000 লোক আৰোগ্য হৈ উঠা বুলিও তথ্যত প্ৰকাশ ৷
কোভিড-19 : মৃতকৰ সংখ্যাৰ শীৰ্ষত আমেৰিকা
আমেৰিকাত সৰ্বাধিক মৃত্যুৰ সংখ্যা ৷ জন হপকিনছ বিশ্ববিদ্যালয়ৰ তথ্য ৷
মৃতকৰ সংখ্যাৰ শীৰ্ষত আমেৰিকা