নেচনেল ডেস্ক, 15 জানুৱাৰী:সংযুক্ত ৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ শেষ কৰা মাইক পেন্সে এক মন্তব্য কৰি কৈছে যে শেহতীয়াকৈ দায়িত্ব শেষ কৰা প্ৰশাসন খন সুশৃংখলাবদ্ধ ক্ষমতা হস্তান্তৰৰ লগতে নতুন ৰাষ্ট্ৰপতি গৰাকীৰ সুৰক্ষিত উদ্বোধনী অনুষ্ঠানৰ প্ৰতি দায়বদ্ধ ৷ ফেডাৰেল ইমাৰজেন্সি মেনেজমেন্ট এজেন্সিৰ এক সভাত পেন্সে উক্ত বক্তব্য প্ৰদান কৰে ৷
সুশৃংখলাবদ্ধ ক্ষমতা হস্তান্তৰৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ : পেন্স - সংযুক্ত ৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি
20 জানুৱাৰীত দায়িত্বভাৰ গ্ৰহণ কৰাৰ বাবে জ' বাইডেন সাজু হোৱাৰ মাজতে সুশৃংখলাবদ্ধ ক্ষমতা হস্তান্তৰৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্তব্য কৰিছে সংযুক্ত ৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ শেষ কৰা মাইক পেন্সে ৷ ফেডাৰেল ইমাৰজেন্সি মেনেজমেন্ট এজেন্সিৰ এক সভাত পেন্সে উক্ত বক্তব্য প্ৰদান কৰিছে ৷
সুশৃংখলাবদ্ধ ক্ষমতা হস্তান্তৰৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ : পেন্স
সংযুক্ত ৰাষ্ট্ৰৰ নতুন ৰাষ্ট্ৰপতি হিছাপে 20 জানুৱাৰীত দায়িত্বভাৰ গ্ৰহণ কৰাৰ বাবে জ' বাইডেন ইতিমধ্যে সাজু হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি জ' বাইডেনৰ আদৰণি অনুষ্ঠানত কোনোধৰণৰ ৰাজহুৱা উপস্থিতি নাথাকিব ৷