অসম

assam

ETV Bharat / international

ভাৰত - পাক বিবাদ, মধ্যস্থতাকাৰী চীন !

ভাৰত - পাক বিবাদ মীমাংসা হোৱাৰ আশা প্ৰকাশ কৰে চুবুৰীয়া ৰাষ্ট্ৰ চীনে ৷ আমেৰিকাৰ পাছত চীনেও এই ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াব বুলি মন্তব্য কৰে ৷

By

Published : Jul 27, 2019, 7:51 PM IST

ভাৰত - পাকিস্তানে মীমাংসা কৰিব বিবাদ : চীন

ইন্টাৰনেশ্বনেল ডেস্ক, 27 জুলাই : ভাৰত আৰু চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ মাজৰ বিবাদ মীমাংসা হোৱাৰ আশা ব্যক্ত কৰে চীনে ৷ শনিবাৰে এই কথা প্ৰকাশ কৰি চীনে মন্তব্য কৰে যে, আলোচনাৰ জৰিয়তে কাশ্মীৰ বিবাদ আৰু অন্য দ্বিপাক্ষিক বাদানুবাদৰ মীমাংসা ঘটাব পাৰে দুয়োখন দেশে ৷

চীনৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ হুৱা চুনয়াঙে মন্তব্য কৰে যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগতে বেইজিঙেও এই দুই এছিয়ান দেশৰ সম্পৰ্কৰ উন্নয়নক সমৰ্থন আগবঢ়াব ৷ ইয়াৰোপৰি, চীনেও চুবুৰীয়া ৰাষ্ট্ৰ হিচাপে ভাৰত - পাকিস্তানৰ বৈদেশিক সম্পৰ্কৰ উন্নতি হোৱাতো বিচাৰে বুলি জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে শেহতীয়াকৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানক জানিবলৈ দিছিল যে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অনুৰোধ মৰ্মে দুয়ো দেশৰ সম্পৰ্কৰ উন্নয়নত আমেৰিকাই মধ্যস্থতাকাৰীৰ ভূমিকা গ্ৰহণ কৰিব ৷ মঙলবাৰে এই কথা প্ৰকাশৰ পাছতে চীনেও এনে এক পদক্ষেপ গ্ৰহণ কৰি দুয়ো দেশৰ সম্পৰ্কৰ উন্নয়নত সহযোগিতা আগবঢ়াব বুলি জানিবলৈ দিয়ে ৷ কিন্তু ইয়াৰ পাছতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে স্পষ্টীকৰণ দি কৈছিল যে, আমেৰিকাক বৰ্তমানলৈকে ভাৰতে এনে কোনো অনুৰোধ জনোৱা নাই আৰু এনে সিদ্ধান্ত ল'বলগীয়া হ'লে ভাৰতে পাকিস্তানৰ সৈতে দ্বিপাক্ষিক ভাৱেহে ল'ব ৷ লগতে এই কথাও স্পষ্ট কৰে যে, পাকিস্তানে ভাৰত - পাক সীমান্তত সন্ত্ৰাসবাদৰ অন্ত পেলালেহে তেওঁলোকৰ সৈতে আলোচনাত মিলিত হ'ব ৷

ABOUT THE AUTHOR

...view details