নিউজ ডেস্ক,18 জানুৱাৰী : কেলিফৰ্ণিয়াত কৰ’ণাৰ প্ৰতিষেধক প্ৰদান অভিযান স্থগিত ৰাখিবলৈ প্ৰশাসনক আহ্বান এপিডেম’লজিষ্ট ডাঃ এৰিকা পানৰ ৷ প্ৰতিষেধক প্ৰদানৰ ফলত কেইবাগৰাকীয়ো ব্যক্তি অসুস্থ হৈ পৰাৰ পিছতেই এই অনুৰোধ জনায় এপিডেম’লজিষ্ট ডাঃ এৰিকা পানে ৷ কেলিফৰ্ণিয়াৰ জনস্বাস্থ্য বিবৃতিত পানে কয়,"এটি বিশেষ প্ৰতিষ্ঠানৰ দ্বাৰা প্ৰস্তুত কৰি উলিওৱা মডাৰ্ণা প্ৰতিষেধক প্ৰদানৰ পিছতেই কেইবাগৰাকীয়ো লোক এলাৰ্জিৰ দৰে ৰোগত আক্ৰান্ত হৈছে ৷ ইয়াৰে প্ৰায় 10 জনকৈ লোকক 24 ঘন্টালৈ চিকিৎসা সেৱা প্ৰদান কৰিবলগীয়া হয় ৷"
কেলিফৰ্ণিয়াত মডাৰ্ণা ক’ভিড-19ৰ প্ৰতিষেধক প্ৰদান স্থগিত - California calls for pause in Moderna vaccine
কেলিফৰ্ণিয়াত কৰ’ণাৰ প্ৰতিষেধক প্ৰদান অভিযান স্থগিত ৰাখিবলৈ প্ৰশাসনক আহ্বান এপিডেম’লজিষ্ট ডাঃ এৰিকা পানৰ ৷ প্ৰতিষেধক প্ৰদানৰ ফলত কেইবাগৰাকীয়ো ব্যক্তি অসুস্থ হৈ পৰাৰ পিছতেই এই অনুৰোধ জনায় এপিডেম’লজিষ্ট গৰাকীয়ে ৷
কেলিফৰ্ণিয়াত মডাৰ্ণা প্ৰতিষেধকৰ পাৰ্শ্বক্ৰিয়া, অভিযান স্থগিত
উল্লেখ্য যে, চলিত মাহৰ আৰম্ভণিতে সমগ্ৰ কেলিফৰ্ণিয়াৰ 287 টা কেন্দ্ৰত প্ৰায় 3,30,000 প্ৰতিষেধক বিতৰণ কৰা হৈছিল ৷ দুৰ্যোগ প্ৰশমন আৰু নিয়ন্ত্ৰণ কেন্দ্ৰ আৰু মাৰ্কিন খাদ্য আৰু ঔষধ প্ৰশাসনে শেহতীয়াকৈ প্ৰশ্নত্তোৰৰ মাধ্যমেৰে ইয়াৰ পৰ্যালোচনা আৰম্ভ কৰিছে ৷
লগতে পঢ়ক-উপ-ৰাষ্ট্ৰপতি হিচাপে অন্তিমবাৰ সেনাক সম্বোধন মাইক পেন্সৰ