নিউজ ডেস্ক,14 জানুৱাৰী : বুধবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি সভাই বিগত সপ্তাহত কেপিট’ল হিলচত ট্ৰাম্পৰ সৰ্মথকে আক্ৰমণ কৰাৰ কাণ্ডৰ বিৰুদ্ধে মহাঅভিযোগ উত্থাপন কৰিছে ৷
প্ৰতিনিধি সভাৰ অধ্যক্ষ নেনছি পেলছিয়ে সদৰি কৰে যে, ট্ৰাম্পেই প্ৰথম গৰাকী আমেৰিকাৰ ৰাষ্ট্ৰপতি যাৰ বিৰুদ্ধে দুবাৰকৈ মহাঅভিযোগ উত্থাপন হৈছে ৷ ট্ৰাম্পে হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰিবলৈ সৰ্মথক সকলক প্ৰৰোচিত কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰতিনিধি সভাত ৷ আমেৰিকা যুক্তৰাষ্টৰ সংসদ কংগ্ৰছে ট্ৰাম্পৰ এই কাণ্ডৰ বিৰুদ্ধে 232 পৰা 197 টা ভোট প্ৰদান কৰিছে ৷