অসম

assam

By

Published : Jan 27, 2021, 9:24 AM IST

ETV Bharat / international

আন্তৰ্জাতিক বিমান চলাচলত নিষেধাজ্ঞা ব্ৰাজিলৰ

COVID-19 সংক্ৰমণ ৰোধ কৰাৰ বাবে সকলো ধৰণৰ আন্তৰ্জাতিক বিমান চলাচল অনিৰ্দিষ্ট কাললৈ স্থগিত ৰাখিছে ব্ৰাজিলে ৷ কিয়নো আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ পাচতে COVID-19ত আক্ৰান্তৰ সংখ্যাৰ ক্ষেত্ৰত ব্ৰাজিল আছে তৃতীয় স্থানত ৷

আন্তৰ্জাতিক বিমান চলাচলত নিষেধাজ্ঞা ব্ৰাজিলৰ
আন্তৰ্জাতিক বিমান চলাচলত নিষেধাজ্ঞা ব্ৰাজিলৰ

ইন্টাৰনেশ্যনেল ডেস্ক, 27 জানুৱাৰী: মঙলবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলা সকলো বিমানৰ চলাচল বন্ধ কৰিছে ব্ৰাজিলে ৷ শেহতীয়াভাৱে ক'ভিড মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে ব্ৰাজিলে ৷

এক বিবৃতিযোগে কয় যে, ব্ৰাজিললৈ যোৱা সকলো ধৰণৰ আন্তৰ্জাতিক বিমান চলাচল বৰ্তমান অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু দক্ষিণ আফ্ৰিকাৰ যাত্ৰী সকলৰ বাবে সকলো বৰ্ডিং পাৰ্মিট 14 দিনৰ বাবে স্থগিত ৰখা হৈছে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ পাচতে COVID-19ত আক্ৰান্তৰ সংখ্যাৰ ক্ষেত্ৰত ব্ৰাজিল তৃতীয় স্থানত আছে । দেশখনৰ মুঠ 8.8 মিলিয়ন লোক ক'ভিডত আক্ৰান্ত হোৱাৰ লগতে 2,17,000 লোকৰ মৃত্যু হৈছে ৷ নতুন লক্ষণৰ ক'ভিডত লোক আক্ৰান্ত হৈছে যদিও ই ভয়ংকৰ বুলি প্ৰমাণিত হোৱা নাই ৷ কিন্তু ইয়াৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে সকলো ধৰণৰ বিমান চলাচল বন্ধ কৰা হৈছে ৷

লগতে পঢ়ক:অস্ত্ৰ চুক্তি সম্প্ৰসাৰণ সন্দৰ্ভত জ' বাইডেন আৰু ৱ্লাদিমিৰ পুতিনৰ বৈঠক

ABOUT THE AUTHOR

...view details