নিউজ ডেস্ক, 23 জানুৱাৰী :কোভিড মহামাৰীয়ে জুৰুলা কৰা দেশসমূহৰ ভিতৰত বেছিকৈ ক্ষতিগ্ৰস্ত হৈছিল ব্ৰাজিল ৷ মহামাৰীৰ ফলত মৃত্যু হোৱা লোকক সমাধিস্থ কৰিবলৈ মাটিৰ অভাৱে দেখা দিছিল দেশখনত ৷ কিন্তু শেহতীয়াকৈ দেশখনলৈ ভাৰতে প্ৰদান কৰিছে থলুৱাভাৱে নিৰ্মিত প্ৰতিষেধক কোভিশ্বিল্ড ৷ ইয়াৰ পিচতেই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক টুইটযোগে ধন্যবাদ জ্ঞাপন কৰে দেশখনৰ ৰাষ্ট্ৰপতি জাইৰ’ বলছোনাৰ’ৱে ৷ শনিবাৰে ব্ৰাজিলে লাভ কৰে ভাৰতে প্ৰেৰণ কৰা কোভিশ্বিল্ড প্ৰতিষেধকৰ টীকাসমূহ ৷
মহামাৰীৰ ফলত মৃত্যু হোৱা লোকৰ তালিকাত বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানত থকা দক্ষিণ আমেৰিকাৰ দেশখনে এইদৰে ভাৰতৰ পৰা প্ৰতিষেধক লাভ কৰাক লৈ ভাৰতক ধন্যবাদ জ্ঞাপন কৰে ৷ ব্ৰাজিলৰ ৰাষ্ট্ৰপতিয়ে কৰা টুইটটোত তেওঁ মহাবীৰ হনুমানে সমগ্ৰ পাহাৰখনৰ সৈতে সঞ্জীৱনী সুধা কঢ়িয়াই অনা এখন ছবিও টুইট কৰে ৷ ছবিখনত লেটিন আৰু হিন্দী ভাষাত ধন্যবাদ ভাৰত বুলি লিখা আছিল ৷