নিউজ ডেস্ক, 19 জানুৱাৰী : বিশ্বৰ পুৰণি গণতন্ত্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে কালিলৈ শপতগ্ৰহণ কৰিব জ’ বাইডেনে ৷ এই অনুষ্ঠানতে শপতগ্ৰহণৰ লগতে আমেৰিকাবাসীক সম্বোধন কৰিব বাইডেনে ৷
মহামাৰীৰ মাজত অনুষ্ঠিত হোৱা নিৰ্বাচন আৰু নিৰ্বাচনৰ পৰৱৰ্তী সময়ত কেপিটোলত সংঘটিত হিংসাৰ মাজতেই শপতগ্ৰহণ কৰিবলৈ আগবাঢ়িছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত জ’ বাইডেন আৰু উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত কমলা হেৰিছে ৷ আমেৰিকাৰ ইতিহাসত এয়া এক অনন্য অনুষ্ঠান হিচাপে চিহ্নিত হ’বলৈ আগবাঢ়িছে ৷
ৰাষ্ট্ৰপতি উদ্বোধনী কমিটীয়ে ধাৰ্য কৰা অনুসৰি এইবাৰৰ শপতগ্ৰহণৰ মুখ্য নীতি হৈছে “America United” ৷ এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি কমিটীয়ে 19 জানুৱাৰীৰ দিনটো কোভিড স্মৃতি দিৱস হিচাপে সমগ্ৰ আমেৰিকাতে পালন কৰিছে ৷ কোভিডৰ ফলত মৃত্যুমুখত পৰা 3,85,000 আমেৰিকানৰ স্মৃতিত প্ৰতিগৰাকী নাগৰিককে তেওঁলোকৰ ঘৰসমূহ পোহৰৰে উজ্বলাই তুলিবলৈ কোৱাৰ লগতে গীৰ্জাৰ ঘন্টা বজাবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷
কি হয় এই উদ্বোধনী দিন?
নৱেম্বৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰিবলৈ সক্ষম হ’লেও বাইডেনক চৰকাৰীভাৱে এই দিনটোলৈ ৰাষ্ট্ৰপতি ঘোষণা কৰা নহয় ৷ আমেৰিকাৰ সংবিধানৰ 20তম সংশোধনীত কোৱা হৈছে যে, বৰ্তমানৰ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি ক্ৰমে, ডনাল্ড ট্ৰাম্প আৰু মাইক পেন্সৰ কাৰ্যকাল 20 জানুৱাৰীৰ দুপৰীয়া অন্ত পৰিব ৷
এইটো দিনৰ পূৰ্বে নতুন ৰাষ্ট্ৰপতিক 4 মাৰ্চত উদ্বোধন কৰা হৈছিল ৷ নিৰ্বাচন আৰু উদ্বোধনৰ মাজৰ সময়খিনি দুমাহ আৰু এই সংশোধনীক 1933 চনত পুনৰ বিবেচিনা কৰা হৈছিল ৷
এই মাজৰ সময়খিনিত ক্ষমতাত থকা ৰাষ্ট্ৰপতি, যিয়ে দুবাৰলৈ সৰ্বাধিক ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ব পাৰে, বাকী ৰোৱা প্ৰশাসনিক আৰু অন্যান্য ৰাষ্ট্ৰীয় সুৰক্ষা তথা কাৰ্যবাহী খণ্ডৰ তথ্য আগন্তুক ৰাষ্ট্ৰপতি তথা প্ৰশাসনক প্ৰদান কৰিব লাগে ৷
কেতিয়া, ক’ত আৰু কিমান সময়ত?
প্ৰতিগৰাকী নিৰ্বাচিত ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণৰ পূৰ্বে এক উদ্বোধনী শপত গ্ৰহণ কৰিব লাগে ৷ এই ধাৰা আগত ৰাখি, বাইডেনে আমেৰিকাৰ কেপিটোলত সীমিত-সংখ্যক উপস্থিতিৰ মাজতে 11am ET (4pm GMT) সময়ত শপতগ্ৰহণ কৰিব ৷ আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ জি ৰবাৰ্টছে শপতবাক্য পাঠ কৰাব ৷
উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত কমলা হেৰিছে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ চোনিয়া চট’মায়েৰৰ পৰা শপতগ্ৰহণ কৰিব ৷ কমলা হেৰিছৰ দৰেই চোনিয়া চট’মায়েৰ হৈছে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী লেটিনা ন্যায়াধীশ ৷ শপতগ্ৰহণৰ বাবে হেৰিছে চোনিয়াক নিৰ্দিষ্ট কৰাৰ লগতে দুখন বাইবেল লৈ শপতগ্ৰহণ কৰিব, যাৰ এখন উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী কৃষ্ণাংগ ন্যায়াধীশ থাৰগুড মাৰ্শালৰ আছিল ৷
ইয়াৰ পিচতেই 2pm ET (7pm GMT) সময়ত উদ্বোধনী পেৰেড অনুষ্ঠিত হ’ব ৷ বিদায়ী ৰাষ্ট্ৰপতিয়ে নতুন ৰাষ্ট্ৰপতিক আদৰণি জনোৱাটো গুৰুত্বপূৰ্ণ যদিও এয়া বাধ্যতামুলক নহয় ৷