অসম

assam

By

Published : Feb 11, 2021, 5:23 PM IST

ETV Bharat / international

জ' বাইডেন আৰু ঝি জিনপিঙৰ হংকং, জিনজিয়াঙৰ প্ৰসংগকলৈ বাৰ্তালাপ

ৰাষ্ট্ৰপতি হিচাপে শপত লোৱাৰ পিছত পোন প্ৰথমবাৰৰ বাবে চীনৰ ৰাষ্ট্ৰপতিৰ সৈতে বাৰ্তালাপ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে । হংকঙৰ শেহতীয়া পৰিস্থিতি, জিনজিয়াঙৰ ঘটনা, ক'ভিড-১৯ আদি বিভিন্ন বিষয়কলৈ মত বিনিময় আমেৰিকা আৰু চীনৰ ৰাষ্ট্ৰপতিৰ মাজত ।

জ' বাইডেন আৰু ঝি জিনপিঙৰ মাজত হংকঙ, জিনজিয়াঙৰ প্ৰসংগকলৈ বাৰ্তালাপ
জ' বাইডেন আৰু ঝি জিনপিঙৰ মাজত হংকঙ, জিনজিয়াঙৰ প্ৰসংগকলৈ বাৰ্তালাপ

নিউজ ডেস্ক, ১১ ফেব্ৰুৱাৰী: চীন আৰু আমেৰিকাৰ মাজত বিভিন্ন বিষয়কলৈ মতানৈক্য় চলি আছে । ইয়াৰ মাজতে ৰাষ্ট্ৰপতি হিচাপে শপত লোৱাৰ পিছত পোন প্ৰথমবাৰৰ বাবে চীনৰ ৰাষ্ট্ৰপতিৰ সৈতে বাৰ্তালাপ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে । চীনৰ লুনাৰ নৱবৰ্ষত চীনৰ লোকসকলক শুভেচ্ছা জনাবলৈ জ' বাইডেনে ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ সৈতে কৰিবলৈ কথা পাতিছিল । ইয়াৰ পিছতে জ' বাইডেনে টুইটযোগে কয় যে তেওঁ ঝি জিনপিঙৰ আগত হংকঙ অভিযানৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰাৰ লগতে জিনজিয়াঙৰ মানৱ অধিকাৰ উৎপীড়ন আদি বিষয়তো আলোচনা কৰে । তেওঁলোকৰ আলোচনাৰ বিষয়বস্তুৰ ভিতৰত ক'ভিড-১৯, স্বাস্থ্য় সুৰক্ষা, জলবায়ু পৰিৱৰ্তন আদিও আছিল বুলি হোৱাইট হাউচে এক বিজ্ঞপ্তি যোগে প্ৰকাশ কৰে ।

আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে টাইৱানকে ধৰি বিভিন্ন অঞ্চলত বেইজিঙৰ চাপ আৰু অন্যায়ভাৱে কৰা অৰ্থনৈতিক অনুশীলন আৰু সামৰিক আক্ৰমণৰ বিষয়েও বাৰ্তালাপ কৰে বুলি উল্লেখ কৰে বিজ্ঞপ্তিটোত ।বাইডেনে আমেৰিকাৰ জনসাধাৰণৰ নিৰাপত্তা, সমৃদ্ধি, স্বাস্থ্য আৰু জীৱন ধাৰণাৰ সুৰক্ষা আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল সংৰক্ষণৰ বাবেও তেওঁলোকে মত বিনিময় কৰে বুলি উল্লেখ কৰে ।

লগতে পঢ়ক:কাবুলত বোমা বিস্ফোৰণ:নিহত দুজন,আহত ৫ গৰাকী

ABOUT THE AUTHOR

...view details