ইণ্টাৰনেশ্যনেল ডেস্ক, ২৪ অক্টোবৰ: আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যম বিবিচিয়ে শনিবাৰে ৰিপাব্লিকান পাৰ্টীৰ প্ৰাৰ্থী জ' বিদেনৰ সহযোগীৰ ভাষ্য এক বাতৰিযোগে প্ৰচাৰ কৰিছে ৷ ইয়াত সহযোগীগৰাকীয়ে কয় যে, জীৱাশ্ম ইন্ধনৰ ছাবছিডি শেষ কৰাক লৈ বিদেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কেৱল উদ্যোগেই নহয়, তেলৰ ৰূপান্তৰকৰণৰো বিষয়তো মত প্ৰকাশ কৰিছে। ৰিপাব্লিকান পাৰ্টীৰ বিষয়াগৰাকীয়ে কয় যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে কৰ'ণা মহামাৰীয়ে কৰা ভয়াৱহ পৰিস্থিতিৰে মোকাবিলা কৰাতো বিফল হৈছে ৷ ট্ৰাম্পে সকলো আমেৰিকাৰ ওপৰতে এৰি দিছে ৷
আনহাতে, ৰাষ্ট্ৰপতি নিৰ্বাচন প্ৰসংগত তেওঁ কয় যে বিদেন নিৰ্বাচনত জয়ী হোৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ৷ ইতিমধ্যে ৰাষ্ট্ৰপতীয় তৰ্কৰ অনুষ্ঠান সমাপ্ত হৈছে। অহা ৩ নৱেম্বৰত নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটদান ৷ প্ৰায়বোৰ সমীক্ষাতে বিদেন ৰাষ্টপতি পদৰ যুঁজত ট্ৰাম্পতকৈ আগবাঢ়ি আছে ৷