নিউজ ডেস্ক, 24 অক্টোবৰ : আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত যদিহে ডেমক্ৰেটিক দলৰ মনোনিত প্ৰাৰ্থী জ' বিডেন নিৰ্বাচিত হয় তেতিয়াহ'লে তেওঁ সকলো আমেৰিকাৰ নাগৰিকক ক'ভিড-19 ৰ ভেকচিন প্ৰদান কৰা হ'ব ৷
Xinhua নিউজ এজেঞ্চিৰ তথ্য অনুসৰি, শুকুৰবাৰে ডেলাৱেৰৰ উইলমিঙটনত এক ভাষণ প্ৰসংগত প্ৰাৰ্থীগৰাকীয়ে এই মন্তব্য প্ৰদান কৰে ৷
তেওঁ ট্ৰাম্পক আকৌ কটাক্ষ কৰি কয় যে, ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে কৰ'ণা ভাইৰাছৰ সৈতে যুঁজ দি ভাগৰি পৰিছে যাৰবাবে তেওঁ আমেৰিকাক ত্যাগ কৰিছে বুলি উল্লেখ কৰে ৷
উল্লেখ্য যে, 3 নৱেম্বৰৰ নিৰ্বাচনৰ পূৰ্বে অন্তিমবাৰ বিতৰ্কত অংশগ্ৰহণ কৰাৰ সময়ত জ' বিডেনে আমেৰিকাৰ নাগৰিকক ক'ভিড-19 ৰ ভেকচিন প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ তেওঁ আকৌ কয় যে, যদিহে তেওঁ নিৰ্বাচিত হয় তেতিয়াহ'লে বিশ্বৰ আগশাৰীৰ দেশ সমূহৰ সৈতে ভেকচিন সন্দৰ্ভত আলোচনা কৰিব আৰু ভেকচিন উন্নীত কৰাৰ ক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে ৷