অসম

assam

By

Published : Aug 12, 2020, 10:52 AM IST

Updated : Aug 12, 2020, 11:27 AM IST

ETV Bharat / international

কমলা হেৰিছক উপ-ৰাষ্ট্ৰপতি পদৰ বাবে মনোনীত বিডেনৰ

কমলা হেৰিছক উপ ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচিত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জ' বিডেনৰ ৷ কমলা হেৰিছ হৈছে ভাৰতীয় মূলৰ কেলিফৰ্নিয়াৰ ছিনেটৰ ৷ এগৰাকী তামিল মহিলাৰ কন্যা হৈছে কমলা হেৰিছ ৷

Biden picks Kamala Harris as running mate
কমলা হেৰিছক উপ-ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচিত বিডেনৰ

ইন্টাৰনেশ্যনেল ডেস্ক, 12 আগষ্ট : 2020 চনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতীয় নিৰ্বাচনৰ বাবে কমলা হেৰিছক উপ ৰাষ্ট্ৰপতি পদৰ বাবে মনোনীত কৰিছে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জ' বিডেনে ৷ কমলা হেৰিছ হৈছে ভাৰতীয় মূলৰ কেলিফৰ্নিয়াৰ ছিনেটৰ ৷ এগৰাকী তামিল মহিলাৰ কন্যা কমলা হেৰিছ ৷

কমলা হেৰিছক উপ-ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচিত বিডেনৰ

কেলিফৰ্নিয়াৰ অকলেণ্ডত জন্মগ্ৰহণ কৰা হেৰিছৰ পিতৃ আছিল জামাইকান ৷ আমেৰিকাৰ এটা গুৰুত্বপূৰ্ণ দলৰ টিকেট লাভ কৰা হেৰিছ হৈছে প্ৰথমগৰাকী কৃষ্ণাংগ আৰু ভাৰতীয় মূলৰ আমেৰিকান মহিলা ৷ ইয়াৰোপৰি, এনে এটা গুৰুত্বপূৰ্ণ দলৰ ৰাষ্ট্ৰপতীয় নিৰ্বাচনৰ টিকেট লাভ কৰা তেওঁ আমেৰিকাৰ ইতিহাসৰ চতুৰ্থগৰাকী মহিলা ৷

হেৰিছক বিডেনে "এগৰাকী নিৰ্ভয় যুঁজাৰু তথা দেশৰ মহান সমাজ সেৱকসকলৰ অন্যতম" বুলি ঘোষণা কৰে ৷ আনহাতে, হেৰিছে কয় যে, জ' বিডেনে আমেৰিকাৰ লোকক একত্ৰিত কৰিব আৰু ৰাষ্ট্ৰপতি হিচাপে তেওঁ এনে এখন আমেৰিকা গঠন কৰিব যিখন সকলোৰে আদৰ্শ হিচাপে থিয় দিব ৷ দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ বাবে মনোনয়ন লাভ কৰিবলৈ তেওঁ সন্মানীত অনুভৱ কৰাৰ লগতে বিডেনক জয়যুক্ত কৰিবলৈ সকলো প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি টুইটাৰৰ জৰিয়তে মন্তব্য কৰে ৷

লগতে পঢ়ক :কৰ্ণাটক : বাছত অগ্নিকাণ্ডৰ সূত্ৰপাত হৈ 5 জনৰ মৃত্যু

Last Updated : Aug 12, 2020, 11:27 AM IST

ABOUT THE AUTHOR

...view details