অসম

assam

ETV Bharat / international

বিডেন হেৰিছৰ বাবে প্ৰথম প্ৰত্যাহ্বান কোভিড-19 - জ' বিডেন

কোভিড-19 মহামাৰীৰ ফলত উদ্ভৱ হোৱা ৰাজহুৱা স্বাস্থ্য আৰু অৰ্থনৈতিক সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ আমেৰিকাক প্ৰয়োজন আছিল এক ক্ষীপ্ৰ,কঠোৰ আৰু পেচাগত প্ৰত্যুত্তৰৰ ৷ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ' বিডেনে এই সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিয়াল,ক্ষুদ্ৰ ব্যৱসায় আৰু অন্যান্যসকলৰ সৈতে সহযোগিতা আগবঢ়াব বুলি কয় ৷

বিডেন হেৰিছৰ বাবে প্ৰথম প্ৰত্যাহ্বান কোভিড-19

By

Published : Nov 9, 2020, 8:22 AM IST

নিউজ ডেস্ক, 9 নৱেম্বৰ :কোভিড-19 মহামাৰী,অৰ্থনৈতিক পুনৰোদ্ধাৰ,বৈষম্যবিহীন একতা আৰু জৈৱ বৈচিত্ৰ্যৰ পৰিৱৰ্তনেই হ'ব বিডেন প্ৰশাসনৰ প্ৰথম আৰু প্ৰধান চাৰিটা আৱশ্যকীয় বিষয় ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্বাচনত ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিচতেই এই কথা প্ৰকাশ কৰিছে বিডেনে ৷ বিডেনৰ সৈতে উপ-ৰাষ্ট্ৰপতি হিচাপে আমেৰিকাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈছে এগৰাকী ভাৰতীয় মুলৰ কৃষ্ণাংগ মহিলা কমলা হেৰিছ ৷

লগতে পঢ়ক :ময়েই শেষগৰাকী মহিলা উপ-ৰাষ্ট্ৰপতি নহওঁ : কমলা হেৰিছ

নিৰ্বাচনী ফলাফলৰ পৰৱৰ্তী সময়তে বিডেনৰ ঘনিষ্ঠ সহযোগীয়ে জনায় যে, বিগত সময়ছোৱাত আমেৰিকাত যি লোকচান সংঘটিত হৈছে তাক পুনৰাই নিৰ্মাণ কৰি তোলা হ'ব ৷ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিয়ে শপতগ্ৰহণ কৰাৰ পিচতেই দুয়োৰে বাবে প্ৰধান কাম হ'ব কোভিড-19 মহামাৰীৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ লগতে পুনৰ নিৰ্মাণৰ কামত হাত উজান দিয়া হ'ব বুলি জানিব পৰা গৈছে ৷

21ৰ 20 জানুৱাৰীত আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি হিচাপে শপতগ্ৰহণ কৰিব বিডেন আৰু হেৰিছ ৷

কোভিড-19 মহামাৰীৰ ফলত উদ্ভৱ হোৱা ৰাজহুৱা স্বাস্থ্য আৰু অৰ্থনৈতিক সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ আমেৰিকাক প্ৰয়োজন আছিল এক ক্ষীপ্ৰ, কঠোৰ আৰু পেচাগত প্ৰত্যুত্তৰৰ ৷ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ' বিডেনে এই সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিয়াল, ক্ষুদ্ৰ ব্যৱসায় আৰু অন্যান্যসকলৰ সৈতে সহযোগিতা আগবঢ়াব বুলি কয় ৷ ইয়াৰ উপৰিও অৰ্থনৈতিক পুনৰোদ্ধাৰৰ বাবে অধিকসংখ্যক নিযুক্তি তথা কৰ্মচাৰীসকলক উমৈহতীয়াভাৱে তেওঁলোকে বিচৰা স্বাধীনতা প্ৰদান কৰাৰ লগতে অৰ্থনৈতিক সুৰক্ষা প্ৰদান কৰাটো হেৰিছ-বিডেন প্ৰশাসনৰ আন এক গুৰুত্বপূৰ্ণ নীতি ৷

লগতে পঢ়ক :বিডেনৰ জয় লাভ : ইয়াৰ পাচত কি ?

ABOUT THE AUTHOR

...view details