ইণ্টাৰনেশ্যনেল ডেস্ক, ৫ মে': লছ এঞ্জেলছৰ মেয়ৰ এৰিক গাৰ্চেট্টিয়ে ভাৰতত মাৰ্কিন ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি লাভৰ সম্ভাৱনা আছে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বিদেনে তেওঁৰ নাম বিবেচনা কৰিছে বুলি প্ৰকাশ কৰিছে এক্স'ইছ সংবাদ গোষ্ঠীয়ে । তেওঁলোকৰ মতে, মাৰ্কিন ৰাষ্ট্ৰদূত পদৰ বাবে বহু লোকৰ নাম চৰ্চালৈ আহিছে আৰু গাৰ্চেট্টি হৈছে ইয়াৰ মাজৰে এজন ।
গাৰ্চেট্টিয়ে পূৰ্বে বিডেনৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সহ-অধ্যক্ষ হিচাপে কাম কৰিছিল । বিগত বৰ্ষৰ ডিচেম্বৰ মাহত তেওঁ কৈছিল যে, লছ এঞ্জেলছৰ মেয়ৰ হৈ থাকিবলৈ তেওঁ প্ৰশাসনৰ এক গুৰুত্ব পদৰ নিযুক্তিক প্ৰত্যাখ্যান কৰিছিল ।