নিউজ ডেস্ক, ২২ জানুৱাৰী: মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৪৬ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে জ'বাইডেনে শপত গ্ৰহণৰ লগে লগে অন্ত পৰিল মাৰ্কিন ৰাজনীতিৰ আটাইতকৈ সংঘাতপূৰ্ণ ট্ৰাম্প প্ৰশাসনৰ কাৰ্যকাল । ইয়াৰ লগে লগে বাইডেন প্ৰশাসনে ভইচ অফ আমেৰিকা আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰে মহাজোঁটৰ কেবাজনো জেষ্ঠ্য বিষয়াক পদৰ পৰা অপসাৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । বৃহস্পতিবাৰে ইউ এচ মিডিয়া এজেন্সীৱে ঘোষণা কৰে যে ভইচ অফ আমেৰিকাৰ নিৰ্দেশক ৰবাৰ্ট ৰেইলীয়ে তেওঁৰ পদবীত যোগদান কৰাৰ এসপ্তাহ পাচতেই বাইডেন প্ৰশাসনে অপসাৰণ কৰে । লগতে তেওঁৰ প্ৰতিনিধি এলিজাবেথ ৰবিন্সকো অপসাৰণ কৰে ।
ইয়াৰ মাজতে বাইডেন প্ৰশাসনৰ অনুৰোধ মৰ্মে কিউবা সম্প্ৰচাৰৰ মুখ্য কাৰ্যালয়ৰ অধ্যক্ষ জেফ্ৰি ছাপিৰ'ৱেও পদত্যাগ কৰে । বাইডেনৰ শপত গ্ৰহণৰ এদিন পাচতেই এই কাৰ্যসূচী গ্ৰহণ কৰা হয় আৰু ট্ৰাম্পে নিৰ্বাচন কৰা এজেন্সীটোৰ চি ই অ মাইকেল পেকেও বাইডেনৰ শপত গ্ৰহণৰ কিছু সময় পাচতে পদত্যাগ কৰে । পেকৰ পদত্যাগৰ পাচতেই বাইডেন হোৱাইট হাউচে এগৰাকী বিশিষ্ট সাংবাদিক কেলু চাওৱে এজেন্সীটোৰ অন্তৱৰ্তীকালীন অধ্যক্ষ হিচাপে নেতৃত্ব আগবঢ়াব বুলি ঘোষণা কৰে ।