অসম

assam

By

Published : Nov 30, 2020, 1:11 PM IST

ETV Bharat / international

হোৱাইট হাউছৰ বাবে বাইডেনে নিয়োগ কৰিলে মহিলা প্ৰেছ টীম

হোৱাইট হাউছৰ কমিউনিকেশ্বন টীমৰ বাবে মহিলাৰ দল নিয়োগ সংযুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত জ' বাইডেনৰ ৷ অন্য অভিজ্ঞ আৰু প্ৰবীন প্ৰাৰ্থীৰ লগতে অবামা প্ৰশাসনৰ ৰাজ্যিক বিভাগৰ মুখপাত্ৰ জেন চাকিক হোৱাইট হাউছৰ প্ৰেছ সচিব হিচাপে নিযুক্তি ৷

হোৱাইটহোৱাইট হাউছৰ বাবে বাইডেনে নিয়োগ কৰিলে মহিলা প্ৰেছ টিম  হাউছৰ বাবে বাইডেনে নিয়োগ কৰিলে মহিলা প্ৰেছ টিম
হোৱাহোৱাইট হাউছৰ বাবে বাইডেনে নিয়োগ কৰিলে মহিলা প্ৰেছ টিম ইট হাউছৰ বাবে বাইডেনে নিয়োগ কৰিলে মহিলা প্ৰেছ টিম

নেশ্যনেল ডেস্ক, 30 নৱেম্বৰ :সংযুক্ত ৰাষ্ট্ৰৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি তথা ডেম'ক্ৰেট প্ৰাৰ্থী জ' বাইডেনে তেওঁৰ হোৱাইট হাউছৰ কমিউনিকেশ্বন টীম হিচাপে কেম্পেইন কমিউনিকেশ্বনৰ পৰিচালক কেট বেডিংফিল্ড নেতৃত্বাধীন এটি মহিলাৰ দল নিৰ্বাচিত কৰিছে ৷

বেডিংফিল্ডে বাইডেনৰ হোৱাইট হাউচৰ সঞ্চাৰ নিৰ্দেশক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পৰিৱৰ্তে দীৰ্ঘদিনৰ পৰা ডেম'ক্ৰেটৰ মুখপাত্ৰ হিচাপে কাম কৰি অহা জেন চাকি বাইডেনৰ প্ৰেছ সচিব হিচাপে থাকিব ৷ তেওঁ পূৰ্বতেও বাইডেনৰ দলৰ সৈতে কাম কৰিছে ৷ বেডিংফিল্ড আৰু জেন চাকি দুয়ো অবামা প্ৰশাসনতো কাম কৰাৰ অভিজ্ঞতা থকা দুগৰাকী প্ৰবীন মহিলা ৷

এক বিবৃতিযোগে বাইডেনে কয় যে এগৰাকী ৰাষ্ট্ৰপতিৰ এক অন্যতম প্ৰধান দায়িত্ব হ'ল জনসাধাৰণৰ সৈতে প্ৰত্যক্ষভাৱে আৰু সততাৰে কথা পতা ৷ এই টিমটোক আমেৰিকাৰ জনসাধাৰণক হোৱাইট হাউছৰ সৈতে সংযোগ ৰক্ষা কৰাৰ গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পন কৰা হৈছে ৷

হোৱাইট হাউছৰ কমিউনিকেশ্বন টিম

তেওঁ লগতে কয় যে এইসকল যোগ্যতাসম্পন্ন আৰু অভিজ্ঞ যোগাযোগকাৰীয়ে কামৰ ক্ষেত্ৰত থকা তেওঁলোকৰ ভিন্ন দৃষ্টিভংগী আৰু ৰাষ্ট্ৰখনৰ উন্নয়নৰ বাবে সকলোৰে মনত থকা সুচিন্তাই ৰাষ্ট্ৰখনক আগুৱাই লৈ যাব ৷

উপ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কমলা হেৰিছৰ চিফ অফ ষ্টাফ হিচাপে কাম কৰা কেৰিন জাঁ পিয়েৰে ৰাষ্ট্ৰপতি বাইডেনৰ বাবে প্ৰিঞ্চিপাল ডেপুটি প্ৰেছ চেক্ৰেটেৰী হিচাপে সেৱা আগবঢ়াব, লগতে বাইডেনৰ নিৰ্বাচনী প্ৰচাৰত মিত্ৰতাৰ বাবে যোগাযোগ পৰিচালক হিচাপে কাম কৰা পিলি টোবাৰ বাইডেনৰ হোৱাইট হাউছৰ ডেপুটি কমিউনিকেশ্বন ডাইৰেক্টৰ হিচাপে কাম কৰিব ৷

লগতে পঢ়ক:অগ্নিদগ্ধ হৈ উত্তৰ প্ৰদেশৰ এজন সাংবাদিকৰ মৃত্যু : হত্যাৰ সন্দেহ

ABOUT THE AUTHOR

...view details