অসম

assam

ETV Bharat / international

ক'ভিড - 19 টাস্ক ফ’ৰ্চৰ বাবে তিনি নতুন সদস্যৰ ঘোষণা বাইডেনৰ - ৰাষ্ট্ৰপতি জ' বাইডেনে

সংযুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত ডেমক্ৰেট প্ৰাৰ্থী জ' বাইডেনে শনিবাৰে ক'ভিড-19 টাস্ক ফৰ্চৰ বাবে তিনিগৰাকী নতুন সদস্য অন্তৰ্ভুক্তিৰ কথা ঘোষণা কৰে ৷ শুকুৰবাৰৰ দিনটোত সংযুক্ত ৰাষ্ট্ৰত ক'ভিড আক্ৰান্তৰ সংখ্যাই 13 মিলিয়নৰ ঘৰ অতিক্ৰম কৰাৰ পাছতে এই তিনিগৰাকী নতুন সদস্যৰ অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰা হয় ৷

ক'ভিড - 19 টাস্ক ফৰ্চৰ বাবে তিনি নতুন সদস্যৰ ঘোষণা বাইডেনৰ
ক'ভিড - 19 টাস্ক ফৰ্চৰ বাবে তিনি নতুন সদস্যৰ ঘোষণা বাইডেনৰ

By

Published : Nov 29, 2020, 12:42 PM IST

নেশ্যনেল ডেস্ক, 29 নৱেম্বৰ :চীনৰ ৱুহান চহৰত উদ্ভৱ হোৱা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা সংযুক্ত ৰাষ্ট্ৰত ক্ৰমাগতভাৱে বাঢ়ি গৈ থকাৰ পৰিপ্ৰেক্ষিত্বত ৰাষ্ট্ৰখনৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ' বাইডেনে শনিবাৰে ঘোষণা কৰে যে তেওঁ ক'ভিড-19 টাস্ক ফৰ্চত নতুনকৈ আৰু তিনিগৰাকী সদস্য অন্তৰ্ভুক্ত কৰিবলৈ গৈ আছে ৷

প্ৰাপ্ত তথ্য অনুসৰি জেন হপকিন্স, জিল জিম আৰু ডেভিড মাইকেল নামৰ তিনিগৰাকী নতুন সদস্যই ডেভিড কেচ্চলাৰ , বিবেক মূৰ্তি আৰু মাৰ্চেলা ননেজ স্মিথ ৰ সৈতে ক'ভিড টাস্ক ফৰ্চৰ দলটোত যোগদান কৰিব ৷ এই টাস্ক ফৰ্চক বাইডেনৰ লগতে নিৰ্বাচিত উপ ৰাষ্ট্ৰপতি কমলা হেৰিছক সহায় কৰাৰ দায়িত্ব প্ৰদান কৰা হৈছে ৷

এক বিবৃতিযোগে বাইডেনে কয় যে তেওঁক এনে লোকৰ এটা দল লাগে যিসকলে তেওঁক উপদেশ দিব পাৰে আৰু এনে পৰিৱৰ্তনৰ প্ৰয়োজন যি পৰিৱৰ্তনে বিভিন্ন দৃষ্টিভংগী দাঙি ধৰে ৷ তেওঁ কয় , "হপকিন্স, ডাঃ জিম আৰু ডাঃ মাইকেলে দলটো অধিক শক্তিশালী কৰিব আৰু ক'ভিড-19 ক প্ৰতিহত কৰাৰ বাবে থকা আমাৰ পৰিকল্পনাই যাতে চিকিৎসাৰ ফলাফলৰ ক্ষেত্ৰত লগতে এই কামত জড়িত লোকসকলৰ সমস্যাসমূহ ভালকে উত্থাপন কৰে তাৰ বাবে কাম কৰিব ৷

জন হপকিন্স বিশ্ববিদ্যালয়ৰ মতে সংযুক্ত ৰাষ্ট্ৰত ক'ভিডত আক্ৰান্তৰ সংখ্যাই 13 মিলিয়ন পাৰ কৰাৰ পাছতে বাইডেনে টাস্ক ফৰ্চত তিনি নতুন সদস্যক অন্তৰ্ভুক্ত কৰাৰ কথাৈ ঘোষণা কৰে ৷

লগতে পঢ়ক:বিজেপিয়ে কল খাই বাকলিটো খুৱাব বিটিচিবাসীক : নৱ শৰণীয়া

ABOUT THE AUTHOR

...view details