অসম

assam

ETV Bharat / international

গুগলৰ CEO সুন্দৰ পিচাইৰ 2020ৰ স্নাতক সকললৈ বিশেষ বাৰ্তা - সুন্দৰ পিচায়

2020 চনত স্নাতক হ'বলগীয়া ছাত্ৰ সকলক উদ্দেশ্যি বিশেষ বাৰ্তা প্ৰেৰণ কৰে গুগলৰ CEO সুন্দৰ পিচায়ে । বৰ্ষটোৰ সকলো স্নাতকক মুকলি মনৰ, আশাবাদী আৰু ধৈৰ্যশীল হ'বলৈ আহ্বান জনাই তেওঁ ।

গুগলৰ CEO সুন্দৰ পিচাইৰ 2020ৰ স্নাতক সকললৈ বিশেষ বাৰ্তা
গুগলৰ CEO সুন্দৰ পিচাইৰ 2020ৰ স্নাতক সকললৈ বিশেষ বাৰ্তা

By

Published : Jun 10, 2020, 8:18 PM IST

নিউজ ডেস্ক, 10 জুনঃ2020 বৰ্ষ সকলোৰে বাবে এক জটিল বৰ্ষ ৰূপে পৰিগণিত হৈছে মহামাৰী COVID-19ৰ বাবে । সকলো স্থবিৰ হৈ গৈছে বৰ্ষটোত । এই বৰ্ষটোত স্নাতক হ'বলগীয়া সকলৰ বাবে বিশেষ বাৰ্তা আগবঢ়াইছে গুগলৰ CEO সুন্দৰ পিচায়ে ।

বাৰ্তাটোত তেওঁ ছাত্ৰ সকলক মুকলি মনৰ, আশাবাদী আৰু লগতে ধৈৰ্যশীল হ'বলৈ আহ্বান জনাইছে ।

কৰ'ণা ভাইৰাছৰ বাবে স্নাতক সকলক 'ভাৰ্চুৱেল' ধৰেণে বিদায় জনোৱা হ'ব । ইয়াৰ বাবে গুগলৰ ভিডিঅ' প্লেটফৰ্ম YouTube য়ে ছাত্ৰসকলৰ বিদায়ৰ এক ভাৰ্চুৱেল অনুষ্ঠানৰ আয়োজন কৰিছে ।

এই সমাৰোহত ভাগ লৈছে প্ৰাক্তন আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামা, প্ৰাক্তন প্ৰথম লেডী মিছেল ওবামা, কোৰিয়ান প'প গ্ৰুপ BTS, কণ্ঠশিল্পী বেয়ংক আৰু লেডী গাগা, প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী ৰবাৰ্ট এম গেট আৰু সমাজ কৰ্মী মালালা ইউছাফজিয়ে ।

এই সমাৰোহত পিচায়ে কয়, " মুকলি, আশাবাদী আৰু লগতে ধৈৰ্যশীল হোৱা, যদি তুমি এইটো কৰিব পৰা তেন্তে, ইতিহাসে 2020 বৰ্ষৰ শ্ৰেণীটোক কি হেৰুৱালে তাৰ বাবে মনত ৰখাৰ সলনি কি সলনি কৰিলে তাৰ বাবে মনত ৰাখিব । তোমালোকে সকলো সলনি কৰিব পাৰিবা । আৰু তোমালোকে পাৰিবা বুলি মই আশাবাদী ।"

সুন্দৰ পিচায়ে লগতে বিভিন্ন সময়ত ছাত্ৰ সকলে সন্মূখীন হৈ অহা প্ৰতিবন্ধকতাৰ কথা উনুকীয়াই 1920 চনৰ মহামাৰী, 1970 চনৰ ভিয়েটনাম যুদ্ধ, 2001 চনত 26/11ৰ বিভিষিকাময় পৰিস্থিতিত ছাত্ৰ সকল কিদৰে বাধাৰ সম্মূখীন হৈছিল সেই বিষয়ে ব্যক্তব্য ৰাখে । ইয়াৰ ওপৰিও তেওঁ কিদৰে সমস্যাৰ মাজেৰে যুঁজি এই অৱস্থা পালে সেই বিষয়েও উল্লেখ কৰে ।

ABOUT THE AUTHOR

...view details