নিউজ ডেস্ক, ৯ এপ্ৰিলঃ বিশ্বত কৰ'ণাতংক । ইয়াৰ মাজতে পেৰুৰ পৰা আহিছে এটি সুঃখবৰ । পেৰুত COVID-১৯ ত আক্ৰান্ত দুগৰাকী মাতৃয়ে জন্ম দিলে দুটাকৈ সন্তান । লক্ষ্যণীয় যে, শিশু কেইটাৰ দেহত নাই কৰ'ণা ভাইৰাছৰ অৱস্থিতি । এগাৰ্ডো ৰেবাগালিটি মাৰ্টিন নেশ্যনেল হাস্পতালত জৈৱ সুৰক্ষা প্ৰট'কল মানি চলাৰ বাবেই এইটো সম্ভৱপৰ হৈ উঠিছে বুলি উল্লেখ কৰা হৈছে ।
শিশু কেইটি জন্ম হোৱাৰ পাচতেই স্বাস্থ্য বিষয়া, স্ত্ৰী-ৰোগ বিশেষজ্ঞ, প্ৰসূতি, মহামাৰী বিশেষজ্ঞ, নাৰ্ছ, অন্যান্য লোক শিশু আৰু মাতৃৰ সুৰক্ষাত নিয়োজিত আছিল । দুয়োগৰাকী মাতৃৰে COVID-১৯ ৰ চিকিৎসা চলি আছে ।