ইণ্টাৰনেশ্যনেল ডেস্ক, ১১ ফেব্ৰুৱাৰী: 'সংশ্লেষিত জীৱ বিজ্ঞানৰ প্ৰতি মানুহৰ ধাৰণা তথা আগ্ৰহ' বিষয়ক চি এছ আই আৰ অ'ৰ ৰাষ্ট্ৰীয় জৰীপত অষ্ট্ৰেলিয়াৰ ৮,০৩৭ জন নাগৰিকে মতামত আগবঢ়াইছে । আনগত সময়খিনিত সংশ্লেষিত জীৱ বিজ্ঞান আৰু সমাধানৰ ওপৰত ভিত্তি কৰি কাম কৰিবলগীয়া হ'লে কেনেকুৱা হ'ব এই সন্দৰ্ভত চি এছ আই আৰ অ'ৰ গৱেষকৰ দলে গৱেষণা কৰি আছে । চি এছ আই আৰ অ'ৰ গৱেষকৰ দলটোক নেতৃত্ব দিয়া ড০ অদিতি মানকাড়ে কয় যে, সংশ্লেষিত জীৱ বিজ্ঞানত বিভিন্ন এপ্লিকেছনছ আছিল আৰু বিকাশশীল প্ৰযুক্তিসমূহ সামাজিক দৃষ্টিভংগীৰ দ্বাৰা অৱগত কৰোৱাতো গুৰুত্বপূূৰ্ণ আছিল ।
সংশ্লেষিত জীৱ বিজ্ঞানে বহু ৰাষ্ট্ৰীয় প্ৰত্যাহ্বানৰে মোকাবিলা কৰিবলৈ গৱেষকসকলক সহায় কৰিব পাৰে । কিন্তু সংশ্লেষিত জীৱ বিজ্ঞানে আগবঢ়োৱা জেনেটিক সমাধানসমূহক লৈ অষ্ট্ৰেলিয়াৰ নাগৰিকৰ মতামত কি সেইবিষয়ে বৈজ্ঞানিকসকলে আৰু অন্যান্য অংশীদাৰসকলে খুব কম কথাহে জানে । প্ৰথমটো সমীক্ষাত স্বাস্থ্য, উদ্যোগিক, পৰিৱেশৰ প্ৰত্যাহ্বানৰ ক্ষেত্ৰত ভৱিষ্যতৰ সংশ্লেষিত জীৱ বিজ্ঞানৰ সমাধানৰ অষ্ট্ৰেলিয়াৰ মানুহৰ মনোভাৱ আৰু বিশ্বাস আদিৰ বিষয়ে বুজিবলৈ চেষ্টা কৰা হৈছিল । এই নতুন প্ৰযুক্তিৰ প্ৰতি মানুহৰ সমৰ্থন, সম্ভাৱ্য বিপদ, বিশ্বাস আদি দিশবোৰ চালি-জাৰি চোৱা হৈছিল ।