অসম

assam

তৃতীয় পৰ্যায়ত উপনীত এষ্ট্ৰা জেনেকাৰ COVID-19ৰ ভেকচিনৰ পৰীক্ষণ: ট্ৰাম্প

By

Published : Sep 2, 2020, 3:13 PM IST

২০২১ৰ জানুৱাৰীৰ ভিতৰত COVID-19ৰ ভেকচিন ব্যৱহাৰোপযোগী কৰি তুলিবলৈ পূৰ্ণপ্ৰস্তুতি চলাইছে এষ্ট্ৰা জেনেকাই। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ঘোষণা কৰিছে যে, 'COVID-19ৰ ভেকচিনৰ পৰীক্ষণ তৃতীয় পৰ্যায়ত উপনীত হৈছে । অপাৰেশ্যন ৱেৰ্প স্পীডৰ অংশ হিচাপে এই পৰীক্ষা বাস্তৱায়িত কৰা হৈছে ।'

তৃতীয় পৰ্যায়ত উপনীত এষ্ট্ৰা জেনেকাৰ COVID-19ৰ ভেকচিনৰ পৰীক্ষণ:ট্ৰাম্প
তৃতীয় পৰ্যায়ত উপনীত এষ্ট্ৰা জেনেকাৰ COVID-19ৰ ভেকচিনৰ পৰীক্ষণ:ট্ৰাম্প

ইণ্টাৰনেশ্যনেল ডেস্ক,২ছেপ্টেম্বৰ: আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ এক ঘোষণাই আশাৰ কিৰণ সঞ্চাৰ কৰিছে বিশ্ববাসীৰ মনত। এষ্ট্ৰা জেনেকাই প্ৰস্তুত কৰা COVID-19ৰ ভেকচিনৰ পৰীক্ষণ তৃতীয় পৰ্যায়ত উপনীত হৈছে আৰু শীঘ্ৰেই দেশখনে অনুমোদনৰ বাবে চেষ্টা কৰিব পাৰিব । সোমবাৰে হোৱাইট হাউচত সংবাদমেলযোগে এই ঘোষণা কৰিছে ৰাষ্ট্ৰপতি ট্ৰাম্পে । লগতে ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, 'আমেৰিকাত আমি এনে কিছুমান কাম কৰিছো যিবোৰ কাম কৰাতো সম্ভৱ বুলি আনে চিন্তাও কৰিব পৰা নাই।

ভেকচিন প্ৰস্তুত কৰা প্ৰক্ৰিয়াৰ বাবে কেইবাবছৰো সময়ৰ প্ৰয়োজন হয় । কিন্তু আমি এয়া কেইমাহ মানৰ ভিতৰতে কৰিবলৈ সক্ষম হৈছো ।' লগতে ২০২১ৰ জানুৱাৰীৰ ভিতৰত COVID-19ৰ ভেকচিনৰ ৩০০মিলিয়ন খোৰাক ব্যৱহাৰোপযোগী কৰি তুলিব বুলি আশ্বাস দিয়ে । আমেৰিকাৰ স্বাস্থ্য আৰু মানৱ সেৱাৰ নেতৃত্বত কেইবাটাও বহুজাতিক সংস্থাৰ সহযোগিতাত COVID-19ৰ চিকিৎসা প্ৰতিষেধকৰ উন্নয়ন আৰু উৎপাদনৰ গতি তৰান্বিত কৰাৰ লক্ষ্যৰে অপাৰেশ্যন ৱেৰ্প স্পীডৰ কাম অব্যাহত আছে ।

বৰ্তমান এষ্ট্ৰা জেনেকাই প্ৰস্তুত কৰা COVID-19ৰ ভেকচিনৰ পৰীক্ষণ তৃতীয় পৰ্যায়ত উপনীত হৈছে । অপাৰেশ্যন ৱেৰ্প স্পীডৰ অংশ হিচাপে এই পৰীক্ষা বাস্তৱায়িত কৰা হৈছে । উল্লেখ্য যে, COVID-19ৰ প্ৰতিষেধক প্ৰস্তুতত নেতৃত্ব লোৱা প্ৰতিষ্ঠানসমূহৰ ভিতৰত এষ্ট্ৰা জেনেকা অন্যতম । মডাৰ্না আ এন চি আৰু ফাইজাৰ আই এন চি কোম্পানীৰ ভেকচিনৰ পৰীক্ষণো তৃতীয় পৰ্যায়ত উপনীত হৈছে । আনহাতে নেশ্যনেল ইনষ্টিটিউট অৱ হেল্থে পৃথককৈ ঘোষণা কৰিছে যে, তৃতীয় পৰ্যায়ৰ পৰীক্ষণে COVID-19ৰ অনুসন্ধানমূলক প্ৰতিষেধকক বিশ্লেষণ কৰে, যিটো এ জেড ডি১২২২ হিচাপে জনাজাত। এ জেড ডি১২২২য়ে ৩০হাজাৰ স্বেচ্ছাসেৱকক সামৰি ল'ব, যিসকলে নিজৰ দেহত এই ভেকচিন পৰীক্ষণৰ অনুমতি প্ৰদান কৰিব।

ABOUT THE AUTHOR

...view details