নিউজ ডেস্ক, 12 আগষ্ট: আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰা আমেৰিকাত থকা অস্থায়ী বিদেশী কৰ্মচাৰীৰ ভিজা বাতিলৰ সিদ্ধান্তৰ বিৰুদ্ধে যুঁজিবলৈ আগুৱাই আহিছে আমেৰিকাৰ আগশাৰীৰ টেকন'লজি কোম্পানী Apple, Facebook, Amazon, Microsoft আৰু Twitter ৷
উল্লেখ যে, জুন মাহত এক ঘোষণাৰ জৰিয়তে ট্ৰাম্পে বছৰটোৰ শেষলৈকে অস্থায়ী ভাবে আমেৰিকাত কৰ্মৰত বিদেশী কৰ্মচাৰীৰ ভিজা বাতিল কৰে ৷ য‘ত ভাৰতীয় কৰ্মচাৰীৰ সকলৰ H-1 ভিজাৰ লগতে অতিথি কৰ্মচাৰী ভিজাও অন্তৰ্ভুক্ত আছিল ৷
ক'ভিড-19 মহামাৰীৰ ফলত কৰ্মসংস্থাপন হেৰুওৱা আমেৰিকাৰ নিৱনুৱা সকলক কৰ্মসংস্থাপন প্ৰদান আৰু আমেৰিকাৰ নাগৰিক সকলৰ বাবে কৰ্মসংস্থাপন সু-নিশ্চিত কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷