ইণ্টাৰনেশ্যনেল ডেস্ক , 29 আগষ্ট : কাবুল বিমানবন্দৰ(Kabul airport)ত পুনৰ সংঘটিত হ'ব পাৰে এক ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ ৷ সংযুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেনে(US President Joe Biden) পুনৰ কাবুল বিমানবন্দৰত ভয়াবহ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হ'ব পাৰে বুলি সম্ভাৱনা ব্যক্ত কৰিছে ৷ এক বিবৃতিযোগে এইক্ষেত্ৰত সকলোকে সতৰ্ক কৰি দি বাইডেনে কয়, "পৰিস্থিতি অত্যন্ত বিপদজনক হৈ পৰিছে, যাৰ বাবে বিমানবন্দৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ আশংকা(threat of terrorist attacks )ও বৃদ্ধি পাইছে ৷ আমাক কমাণ্ডাৰ সকলে মোক জানিবলৈ দিয়া মতে, আগন্তুক 24-36 ঘন্টাৰ ভিতৰত আক্ৰমণ সংঘটিত হোৱাৰ সম্ভাৱনা অধিক" ৷
বৃহস্পতিবাৰে হামিদ কাৰজাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ(Hamid Karzai International Airport)ত সংঘটিত আক্ৰমণৰ ঘটনাৰ পাচতে ৰাষ্ট্ৰপতিগৰাকীয়ে এই মন্তব্য কৰিছে ৷ বৃহস্পতিবাৰৰ আক্ৰমণত এজন আত্মঘাতি বোমাৰু( suicide bomber ) আৰু একাধিক আইএছআইএছ-কে(ISIS-K) বন্দুকধাৰীয়ে সংযুক্ত ৰাষ্ট্ৰৰ 13 জন service memberৰ সৈতে কমেও 169 আফগান নাগৰিক(Afghan civilians)ক হত্যা কৰিছিল ৷
লগতে পঢ়ক :একাধিক বোমা বিস্ফোৰণে জোকাৰি গ’ল কাবুলৰ বিমান বন্দৰ
বাইডেনে বিবৃতিটোত এইবুলি উল্লেখ কৰে, "আজি ৰাতিপুৱা ৱাশ্বিংটনত মই মোৰ ৰাষ্ট্ৰীয় সুৰক্ষা দল আৰু কমাণ্ডাৰসকলক সাক্ষাৎ কৰিছিলো ৷ US বাহিনীয়ে আফগানিস্তানত ISIS-Kৰ ওপৰত চলোৱা strike সন্দৰ্ভত আমি আলোচনা কৰিছিলো ৷ মই কৈছিলো যে কাবুলত আমাৰ সৈন্য আৰু নিৰীহ নাগৰিকৰ ওপৰত আক্ৰমণৰ বাবে দায়ী গোটটোৰ পাচতহে আমি যাম ৷ '