ইন্টাৰনেশ্বনেল ডেস্ক, 3 জানুৱাৰী : আমেৰিকাই শুকুৰবাৰে ইৰাকস্থিত আমেৰিকাৰ নাগৰিকসকলক ক্ষিপ্ৰতাৰে ইৰাক ত্যাগ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷
বাঘদাদ বিমান বন্দৰত আমেৰিকাই চলোৱা এয়াৰ ষ্ট্ৰাইকৰ ফলত ইৰাণৰ জেনেৰেল কুদচ ফোৰ্চৰ প্ৰধান কাচিম ছোলেইমানিৰ মৃত্যুৰ পাচতে এই নিৰ্দেশ প্ৰদান কৰা হৈছে ৷ বাগদাদৰ বিমানবন্দৰত সংঘটিত উক্ত এয়াৰ ষ্ট্ৰাইকত জেনেৰেল ছোলেইমানিৰ লগতে মোবিলাইজেচন ফৰ্চৰ সহকাৰী কামাণ্ডাৰ আবু মহদী অল-মুহান্দীচৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ নিৰ্দেশত এই এয়াৰ ষ্ট্ৰাইক সংঘটিত হয় ৷ বাঘদাদস্থিত আমেৰিকাৰ দূতাবাসেও নাগৰিকসকলক ইৰাক ভ্ৰমণ নকৰিবলৈ সকীয়াই দিয়াৰ লগতে শেহতীয়া সংবাদৰ বাবে স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ চাই থাকিবলৈ অনুৰোধ কৰিছে ৷