অসম

assam

By

Published : Oct 4, 2019, 7:29 PM IST

ETV Bharat / international

চুইডেনত আমেৰিকা-উত্তৰ কোৰিয়াৰ মাজত বাৰ্তালাপ

দক্ষিণ কোৰিয়া আৰু আমেৰিকাৰ মাজত যুদ্ধাভাসৰ এমাহৰ পাচতেই আমেৰিকা আৰু উত্তৰ কোৰিয়াৰৰ মাজত বাৰ্তালাপ ৷

চুইডেনত আমেৰিকা-উত্তৰ কোৰিয়াৰ মাজত বাৰ্তালাপ

নিউজ ডেস্ক, 4 অক্টোবৰঃ ছুইডেনৰ ৰাজধানী ষ্টকহ’লমত পাৰমাণৱিক অস্ত্ৰ সন্দৰ্ভত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু উত্তৰ কোৰিয়াৰ মাজত বৈঠক ৷ শুকুৰবাৰে পিয়ঙয়াঙৰ পৰা চাবমেৰিণেৰে বেলেষ্টিক মিচাইলৰ পৰীক্ষণৰ পাচতেই এই বৈঠক আয়োজন কৰা হয় ৷

এই দুয়োখন দেশে ফেব্ৰুৱাৰী মাহৰ হানাইত অমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু উত্তৰ কোৰিয়াৰ কিম জং উনৰ মাজত ন'-ডীল সন্মিলনৰ প্ৰথম বাৰ্তালাপ হোৱাৰ কথা আছিল ৷ কিন্তু এই শুকুৰবাৰে পুৱা দুয়োখন দেশৰ মাজত বৈঠকত মিলিত হৈ ‘প্ৰাৰম্ভিক সম্পৰ্ক’ৰ (Preliminary Contact) ওপৰত চৰ্চা কৰাৰ সম্ভাৱনা কৰা হৈছিল ৷ বৰ্তমান লৈকে এই বৈঠকৰ সময় আৰু স্থান আনুষ্ঠানিক ভাৱে জনোৱা হোৱা নাই ৷ এই প্ৰাৰম্ভিক বৈঠকত আমেৰিকাৰ প্ৰতিনিধিমণ্ডলৰ উপ প্ৰমুখ্য মাৰ্ক লেম্বৰ্ট আৰু উত্তৰ কোৰিয়াৰ কুৱন জং গুণে ভাগ লোৱাৰ সম্ভাৱনা আছিল ৷ জানিব পৰা মতে, আমেৰিকাৰ শীৰ্ষ পৰমাণু আলোচক ষ্টিফেন বেজগন আৰু তেওঁৰ সমকক্ষৰ কিম ময়ং গিলো অংশগ্ৰহণ কৰি মত-বিনিময়ৰ কৰাৰ সম্ভাৱনা আছে ৷

অমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু উত্তৰ কোৰিয়াৰ কিম জং উন

উত্তৰ কোৰিয়াই বুধবাৰে পূৱ উপকূলীয় সীমান্তৰ পৰা অজ্ঞাত নীতি সমূহত সাল-সলনি কৰি আমেৰিকাৰ সৈতে বাৰ্তালাপ কৰাৰ সন্মতি দিয়াৰ পাচতেই এই বৈঠকৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

পিয়ঙয়াঙৰ নিৰস্ত্ৰীকৰণ নীতিক অত্যাধিক অগ্ৰগতি দিয়াৰ উদ্দেশ্যেই শনিবাৰে দুয়োখন দেশ আলোচনাত মিলিত হ’ব ৷ উত্তৰ কোৰিয়াৰ প্ৰথম উপ বিদেশ মন্ত্ৰী চ’ চৌন হুইই কয় যে, মই আশা কৰো কাৰ্য-স্তৰীয় বৈঠকে ডেম’ক্ৰেটিক পীপুলছ ৰিপাব্লিক অফ কোৰিয়া আৰু আমেৰিকাৰ সমন্ধৰ মাজত যোগাত্মক গতি প্ৰদান কৰিব ৷

চুইডেনত আমেৰিকা-উত্তৰ কোৰিয়াৰ মাজত বাৰ্তালাপ

জুন মাহত ট্ৰাম্প আৰু কিমৰ মাজত Demilitarized Zone ত অনুষ্ঠিত হোৱা এখন বৈঠকত দুয়োখন দেশৰ মাজত স্তব্ধ হৈ থকা অ-পাৰমাণিৱক নীতিৰ পুনৰ গতি প্ৰদানৰ সন্মতি জনায় ৷

ইপিনে উত্তৰ কোৰিয়াই অৰ্থনৈতিক বিকাশৰ বাবে পাৰমাণৱিক অস্ত্ৰৰ ওপৰত লগোৱা জৰিমনা আঁতৰাৱলৈ বাৰে-বাৰে দাবী উত্থাপন কৰিছে যদিও উত্তৰ কোৰিয়াই নিজৰ পৰমাণু অস্ত্ৰৰ কাৰ্যক্ৰম বন্ধ নকৰা পৰ্যন্ত আমেৰিকাই এই দাবী মানি লোৱা নাই ৷

ABOUT THE AUTHOR

...view details