ইন্টাৰনেশ্যনেল ডেস্ক, 17 মাৰ্চ : ব্ৰাজিলৰ স্থানীয় সংবাদ মাধ্যমে প্ৰদান কৰা তথ্য অনুসৰি, কৰ'ণাভাইৰাছ প্ৰতিৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাক কেন্দ্ৰ কৰি সংঘৰ্ষৰ সৃষ্টি হোৱাৰ পাচতে কাৰাগাৰৰ পৰা পলায়ন কৰে প্ৰায় 1,500 বন্দীয়ে ৷
সোমবাৰৰ পৰা চৰকাৰে কাৰাবন্দী ৰোগীক আছুতীয়া গৃহত ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়াৰ পাচতে বন্দীসকলে অস্থায়ী ছুটী লাভ নকৰিব বুলি চিন্তিত হৈ এনেদৰে পলায়ন কৰে ৷