নেশ্যনেল ডেস্ক, 11 চেপ্তেম্বৰ: বিশ্বৰ আটাইতকৈ শক্তিশালী দেশ আমেৰিকাক সন্ত্ৰাসবাদে তচনচ কৰি যোৱাৰ আজি 19 বছৰ সম্পূৰ্ণ ৷ 9/11, আমেৰিকাবাসীৰ লগতে সমগ্ৰ বিশ্ববাসীক সন্ত্ৰাসবাদে আতংকিত কৰি তোলা এটা দিন ৷ 2001ত একাদিক্ৰমে হোৱা চাৰিটাকৈ ভয়ংকৰ আক্ৰমণে শক্তিশালী দেশখনৰ প্ৰতিৰক্ষা ব্যৱস্থাটোক যেন সমগ্ৰ বিশ্ববাসীৰ আগত এক প্ৰহসনৰূপে তুলি ধৰিছিল ৷ এই আক্ৰমণে যেন সুৰক্ষাৰ ক্ষেত্ৰত আমেৰিকাৰ ঠুনুকা স্বৰূপটোকে প্ৰতিফলিত কৰিছিল ৷ অৱশ্যে এই আক্ৰমণৰ পৰা আমেৰিকাই লাভ কৰিলে এক ভয়াৱহ শিক্ষা ৷ এই ঘটনাৰ পাছতে,ভৱিষ্যতে যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ বাবে সুৰক্ষা ব্যৱস্থাটোক আৰু অধিক কটকটীয়া কৰি তোলাৰ ক্ষেত্ৰত আমেৰিকাই মনোনিৱেশ কৰিলে ৷
সন্ত্ৰাসৰ আচল চেহেৰাক প্ৰতিফলিত কৰি দেশখনক এক গভীৰ চিন্তাত পেলাই 19 বছৰ আগতেই সংঘটিত এই ঘটনাই প্ৰায় 3,000 লোকৰ প্ৰাণ কাঢ়ি নিছিল ৷ চেপ্তেম্বৰ 11, 2001, পশ্চিম উপকূলৰ গন্তব্যস্থানৰ দিশে গৈ থকা অৱস্থাত 19 জন লোকে চাৰিখনকৈ মাৰ্কিন বিমান অপহৰণ কৰিছিল ৷ মাৰ্কিন সুৰক্ষা ব্যৱস্থাৰ ফোপোলা ৰূপটোক প্ৰতিফলিত কৰি সংঘটিত হোৱা এই ঘটনাৰ পাছতে,সেই দিনটোৰ পুনৰাবৃত্তি নহ'বৰ বাবে আজিৰ তাৰিখলৈকে মাৰ্কিন বাহিনীয়ে যথেষ্ট সচেষ্ট পদক্ষেপ লৈ অহা পৰিলক্ষিত হৈছে ৷
সৰ্বাধিক লোক হতাহত হৈছিল বিশ্ব বাণিজ্য কেন্দ্ৰত ৷ অপহৃত আমেৰিকান বিমানসেৱাৰ ফ্লাইট-11 আৰু ইউনাইটেড বিমানসেৱাৰ ফ্লাইট-175 য়ে ভৱনটোৰ উত্তৰ আৰু দক্ষিণ দুৰ্গত খুন্দা মৰাৰ ফলত 2753 জন লোকে প্ৰাণ হেৰুৱাইছিল ৷ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পৰত প্ৰায় 6 জন লোকে কথমপি আক্ৰমণটোৰ পৰা ৰক্ষা পৰে যদিও প্ৰায় 10,000 লোক ঘটনাটোত আহত হয় ৷ ৱাশ্চিংটনৰ পেন্টাগন ভৱনত অপহৃত আমেৰিকান বিমানসেৱাৰ ফ্লাইট 77 য়ে খুন্দা মৰাত 184 জন মানুহে প্ৰাণ হেৰুৱাই ৷ আকৌ ইউনাইটেড বিমানসেৱাৰ ফ্লাইট 93ৰ বিমানৰ কৰ্মকৰ্তাসহ 40 জন যাত্ৰীয়ে পেনচিলভেনিয়াত দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুক সাৱটি লয় ৷
9/11 ৰ এই আক্ৰমণৰ পাছতে বিশ্বত্ৰাস সন্ত্ৰাসবাদী ওচামা বিন লাডেনক আফগানিস্তানত কৰায়ত্ত্ব কৰাৰ বাবে ৱাশ্চিংটন উঠি পৰি লাগিছিল যদিও ই এক দীঘলীয়া পৰিক্ৰমা হিচাপে পৰিগণিত হ'ল ৷ আক্ৰমণৰ পাছত যদিও আক্ৰমণৰ মাষ্টাৰমাইণ্ডক আশ্ৰয় দিয়া তালিবানক ক্ষমতাৰ পৰা আতঁৰাই দিয়া হৈছিল, তথাপি অল-কায়দা প্ৰধানজনক নিঃশেষ কৰিবলৈ 10 টাকৈ বছৰৰ প্ৰয়োজন হ'ল ৷