ইন্টাৰনেশ্যনেল ডেস্ক, 2 ডিচেম্বৰ: ব্ৰাজিলৰ চাও পাওলো শ্লামত আৰক্ষী আৰু সন্দেহজনক লোকৰ মাজত সংঘটিত এক সংঘৰ্ষত 9 জনকৈ লোকৰ মৃত্যু হয় ৷ দেওবাৰে চাও পাওলো শ্লামত আয়োজন কৰা এক ষ্ট্ৰীট পাৰ্টিত সংঘটিত হয় এই ঘটনা ৷
ব্ৰাজিল আৰক্ষী বিভাগে জানিবলৈ দিয়া অনুসৰি,পলায়নৰ চেষ্টা কৰা সন্দেহজনক লোকক কৰায়ত্ত কৰাৰ চেষ্টা কৰোতে পাৰ্টিৰ লোকসকলৰ সৈতে আৰক্ষীৰ সংঘাতৰ সৃষ্টি হয় ৷ প্ৰায় 100 লোকে অংশগ্ৰহণ কৰা এই পাৰ্টিত সন্দেহজনক লোককেইজনে লুকাবলৈ চেষ্টা কৰে ৷ ইয়াৰ পাচতে সন্দেহজনক লোক কেইজনে গুলীবৰ্ষণ কৰাৰ ফলত এই ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে আৰক্ষী বিষয়া এমাৰছন মাছেৰাই ৷