ইণ্টাৰনেশ্যনেল ডেস্ক, ২৫ জানুৱাৰী: ইণ্ডিয়ানাপ'লিছত এটা বাসগৃহৰ ভিতৰত প্ৰৱেশ কৰি দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে ৫ গৰাকীকৈ লোকক । আৰক্ষীয়ে প্ৰকাশ কৰা মতে, মৃত লোককেইগৰাকীৰ ভিতৰত এগৰাকী গৰ্ভৱতী মহিলাও আছে । পুৱ ৪ বজাত আৰক্ষীয়ে চহৰখনৰ উত্তৰ-পূৱ দিশত এটি আহত কিশোৰ উদ্ধাৰ কৰাৰ পিছতহে সমগ্ৰ ঘটনা পোহৰলৈ আহে । ইণ্ডিয়ানাপ'লিছ মহানগৰ আৰক্ষী বিষয়া শ্বেন ফ'লেই কয় যে, কিশোৰজনে আৰক্ষীক হত্যাকাণ্ডৰ বিষয়ে অৱগত কৰে আৰু গুলীচালনা সংঘটিত হোৱা বাসগৃহটোলৈ লৈ যায় ।
ইণ্ডিয়ানাপ'লিছত গৰ্ভৱতী মহিলাসহ ৫ গৰাকী লোকক গুলীয়াই হত্যা
ইণ্ডিয়ানাপ'লিছত সংঘটিত হ'ল নৃশংস হত্যাকাণ্ড । এগৰাকী গৰ্ভৱতী মহিলাসহ মুঠ ৫ গৰাকী লোকক গুলীয়াই হত্যা কৰিলে দুৰ্বৃত্তই । ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত ।
ইণ্ডিয়ানাপ'লিছত গৰ্ভৱতী মহিলাসহ ৫ গৰাকী লোকক গুলীয়াই হত্যা
আৰক্ষীয়ে গৰ্ভৱতী মহিলাগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মহিলাগৰাকী আৰু তেওঁৰ গৰ্ভৰ সন্তানটি মৃত বুলি ঘোষণা কৰে । আনহাতে, ঘটনা সংঘটিত কৰা দুৰ্বৃত্ত সন্দৰ্ভত আৰক্ষীয়ে দেওবাৰে সন্ধিয়ালৈকে কোনো তথ্য লাভ কৰা নাছিল । বৰ্তমানেও আৰক্ষীৰ তদন্ত অব্যাহত আছে ।
লগতে পঢ়ক:জ' বাইডেন আৰু ফৰাচী সমৰ্থক ইমানুৱেল ম্যাক্ৰণৰ টেলিফ'নিক বাৰ্তালাপ