ইণ্টাৰনেশ্যনেল ডেস্ক, ১৫ নৱেম্বৰ: ম্যানমাৰ(Myanmar)ৰ ক্ষমতা সেনাৰ হাতলৈ যোৱাৰ পাচতে দেশৰ বহু নাগৰিকে নিৰাপত্তাহীনতাত ভূগিবলগীয়া হৈছে । ইতিমধ্যে, প্ৰাণৰ মমতাত আপোন ঘৰ, নিজ দেশ এৰি পলায়ন কৰিছে বহু লোকে । এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততে সোমবাৰে ৰাষ্ট্ৰসংঘৰ জৰুৰীকালীন সাহাৰ্য সমন্বয়ক( UN Emergency Relief Coordinator) মাৰ্টিন গ্ৰিফিথছে ম্যানমাৰৰ নাগৰিকক লৈ চিন্তা ব্যক্ত কৰিছে ।
তেওঁ কয় যে, বৰ্ধিত সংঘৰ্ষ, নিৰাপত্তাহীনতা, কৰ'ণাCorona)ৰ সংক্ৰমণ আৰু অৰ্থনীতি(Economy)ৰ পুতৌজনক অৱস্থাই জুৰুলা কৰা ম্যানমাৰৰ প্ৰায় নিযুত লোকক বৰ্তমান মানৱীয় সহায়(Humanitarian assistance)ৰ প্ৰয়োজন । মাৰ্টিন গ্ৰিফিথ(Martin Griffiths)ছে কয় যে, ম্যানমাৰত মানৱীয়তাৰ অৱক্ষয় ঘটিছে । দেশখনত হিংসাত্মক পৰিস্থিতিৰ সমাপ্তি আৰু সংকটৰ শান্তিপূৰ্ণ সমাধান নোহোৱা পৰ্যন্ত নাগৰিকসকলে অধিক বিপদৰ সন্মুখীন হ'ব লাগিব ।
চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰীত সামৰিক অধিগ্ৰহণৰ পৰিণতিত ম্যানমাৰত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰ উৎখাত হৈছিল । ইয়াৰ পিছৰে পৰা সমগ্ৰ দেশজুৰি হিংসাত্মক অভিযান চলায় সেনা বাহিনীয়ে ।
তেওঁলোকৰ বিৰোধিতা কৰা নাগৰিকে দেশত কঠোৰ শাস্তি ভূগিবলগীয়া হয় । সেয়ে, জীৱনৰ সুৰক্ষাৰ স্বাৰ্থত লাখ লাখ লোকে নিজৰ ঘৰ এৰি পলায়ন কৰিবলৈ বাধ্য হৈছে । একে সময়তে ২২৩,০০০ গাৰকী নাগৰিকক আভ্যন্তৰীণভাৱে স্থানচ্যুত কৰা হৈছে । ইয়াৰ ভিতৰত দেশখনৰ দক্ষিণ-পূৱ দিশৰ ১৬৫,০০০ জন লোক আছে । পূৰ্বে ৰাখাইন, চীন, শান আৰু কাচিনত স্থানচ্যুত হোৱা লোকসকলো ইয়াৰ মাজত আছে ।
মানৱীয় পৰিক্ৰমা বিভাগৰ মুৰব্বীয়ে কোৱা মতে, দীৰ্ঘদিন ধৰি চলি অহা স্থানান্তৰকৰণৰ সমস্যা এতিয়াও অমীমাংসিত হৈ আছে । ১,৪৪,০০০ গৰাকী ৰোহিংগীয়া(Rohingya) লোক এতিয়াও ৰাখাইনৰ লগতে আন শিবিৰত আৱদ্ধ হৈ আছে । ২০১২ চনত স্থানচ্যুত হোৱা লোকো এই শিবিৰত আছে । বহু বছৰ ধৰি কাচিন আৰু শানত ১,০৫,০০০ জনৰো অধিক লোক আছে ।